NORTHEAST NOW (Assamese)

মেলাত দেখিলেই খাই নেকি যিকোনো সামগ্ৰী ! মহাৰাষ্ট্ৰত অসুস্থ ২৫০ জন লোক

February 5, 2025 7:58 pm · এন ই নাও নিউজ, গুৱাহাটী

ঘটনা অনুসৰি বহু লোকে গাঁৱৰ মেলাত প্ৰসাদ হিচাপে খীৰ খাইছিল। অভিযোগ অনুসৰি সেই খীৰ খাই প্ৰায় ২৫০ জন লোক অসুস্থ হৈ পৰিছে। ইয়াৰে ৫০ জন চিকিৎসালয়ত ভৰ্তি হৈ আছে। মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

কুৰুণ্ডৱাদ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, স্থানীয় এখন গাঁৱত এখন মেলা চলি আছে। মঙলবাৰে তাত প্ৰসাদ হিচাপে খীৰ বিতৰণ কৰা হয়। বিষয়াগৰাকীৰ মতে, “খীৰ খোৱাৰ পিছত বহুতে বমি আৰম্ভ কৰে।” বুধবাৰে পুৱা বহু লোকৰ ডায়েৰিয়া আৰু জ্বৰ ধৰা পৰে। ফুড পইজনিঙৰ বাবেই এনে হৈছিল বুলি ধাৰণা কৰা হৈছে। অসুস্থ হোৱা অধিকাংশই খীৰ সেৱন কৰা বুলি দাবী কৰিছে। মেলাত বহুতে আন আন বস্তুও খাইছিল। তাত খাদ্যৰ দোকানো আছিল।

শিৰোল হাস্পতালত ভৰ্তি হৈছে ৫০ জন লোক। সকলোৰে অৱস্থা সুস্থিৰ। বাকী কেইজনমানক মুকলি কৰি দিয়া হৈছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰিপৰ্ট আহিলেই স্পষ্ট হব যে খোৱাৰ পাছত মানুহ বেমাৰত পৰিছে নে নাই।

Related News