সোপাঢিলা প্ৰশাসন : বহিৰাজ্যৰ পৰা ট্ৰেইনেৰে আহি পলায়ন শ শ লোকৰ; গণ সংক্ৰমণৰ আশংকা

Jagiraod1

কোভিড মহামাৰীয়ে দেশৰ লগতে ৰাজ্যত ত্ৰাস সৃষ্টি কৰি থকাৰ মাজতে মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোড ৰে’লৱে ষ্টেচনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

জাগীৰোড ৰে’লেৱ ষ্টেচনৰ পৰা প্ৰায় ৪ শতাধিক ৰে’লযাত্ৰীয়ে বৰ্হিৰাজ্যৰ পৰা আহি কোভিড টেষ্ট নকৰাকৈয়ে পলায়ন কৰিছে। যাৰ ফলত মৰিগাঁও জিলাত আতংকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে কেৰলাত কৰ্মৰত প্ৰায় ৪ শতাধিক লোক বিবেক এক্সপ্ৰেছেৰ জাগীৰোড ৰে’লৱে ষ্টেচনত উপস্থিত হয়।

ৰে’লখনত অহা যাত্ৰীসকলক কোভিড টেষ্ট কৰাবলৈ স্বাস্থ্য বিভাগৰ লোক ষ্টেটনটোত উপস্থিত আছিল আৰু তেওঁলোকে যাত্ৰীসকলৰৰ কোভিড টেষ্ট আৰম্ভও কৰিছিল।

কিন্তু প্ৰায় ৪ শতাধিক যাত্ৰীক কোভিড টেষ্ট আৰু নিয়ন্ত্রণ কৰিবলৈ স্থানীয় প্ৰশাসন আৰু ৰে’লৱে কৰ্তৃপক্ষই কোনো সু-ব্যৱস্থা নকৰাৰ সুযোগ গ্ৰহণ কৰি যাত্ৰীসকলে ৰে’লৱে ষ্টেচনৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে।

ষ্টেচনটোৰ পৰা হঠাতে একেলগে প্ৰায় ৪ শতাধিক যাত্ৰীয়ে পলায়ন কৰিবলৈ ধৰাত জাগীৰোড চহৰত এক অভাৱনীয় আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় লোকে প্ৰশাসনৰ সোপাঢিলা স্বৰূপ তথা চাৰি শতাধিক লোকক কোবিড টেষ্ট আৰু নিয়ন্ত্ৰণ কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই বৃহৎ পৰিমাণৰ যাত্ৰীয়ে পলায়ন কৰিবলৈ সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰিছে।

বৰ্হিৰাজ্যৰ পৰা অহা এই বৃহৎ পৰিমাণৰ যাত্ৰীয়ে কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰাত সমগ্ৰ মৰিগাঁৱতে এতিয়া গণসংক্ৰমণ ঘটাৰো আশংকা কৰা হৈছে।

ইফালে আতংকিত জোগীৰোডবাসীয়ে পলায়ন কৰা সকলো যাত্ৰীকে সন্ধান কৰি কোভিড টেষ্ট কৰাবলৈ প্ৰশাসনক দাবী জনাইছে।

ৰে’লৱে ষ্টেচনটোত কোভিড টেষ্ট কৰিবলৈ উপস্থিত থকা স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰীৰ মতে কোভিড টেষ্ট কৰি পজিটিভ হোৱা লোককেইজনেও এই সুযোগতে পলায়ন কৰে।

“আমি টেষ্ট কৰি থাকোতে হঠাতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আমাৰ স্বাস্থ্যকৰ্মীক গতিয়াই যাত্ৰীলসকল পলায়ন কৰে। টেবুলও ঠেলি পেলাই দিয়ে, যাৰ ফলত আমি টেষ্ট কৰা টেষ্ট কীটসমূহ পৰি গ’ল আৰু এতিয়া আমি পজিটিভ আৰু নিগেটিভ কীটসমূহ ধৰিব নোৱাৰ হৈ থাকিলো।” স্বাস্থ্যকৰ্মী এগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়।