চৰকাৰী নিযুক্তিত হোৱা Overlahping সমস্যাৰ সন্দৰ্ভত সৰৱ জাতীয় যুৱ বাহিনী

চৰকাৰী নিযুক্তিত হোৱা Overlahping সমস্যাৰ সন্দৰ্ভত সৰৱ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী৷ আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেল যোগে Overlahping ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে সংগঠনটোৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি দ্বীপজ্যোতি বৈশ্য, উপ-সভাপতি হীৰক জ্যোতি বেজবৰুৱা আৰু তথ্য প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ৷

শেহতীয়াকৈ ঘোষণা কৰা স্বাস্থ্য বিভাগৰ(DHত্ৰ) চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলত ব্যাপক Overlahping হোৱা দেখা গৈছে৷ Overlahping ৰ সমস্যাটো চৰকাৰে শীঘ্ৰে সমাধান নকৰিলে ৰ লাখ নিযুক্তি প্ৰক্ৰিয়াটোত প্ৰকৃততে ৰ লাখ পদ পূৰণ নহ’বগৈ আৰু আমাৰ সন্দেহ হয় যে চৰকাৰে সংখ্যাৰ খেল খেলিবলৈকে নিবনুৱাসকলৰ লগত হেতালি খেলিছে৷ শেহতীয়া স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পাছতেই হোৱা এক ব্যাপক বিসংগতি তথ্য সহ ডাঙি ধৰে সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে ৪০৭০৮৭৬০ ৰোল নম্বৰৰ প্ৰাৰ্থীজনে ৪৬ টা পদত, ৪০৭৪০০২৫ নম্বৰৰ প্ৰাৰ্থীজনে ৪৫ টা পদত, ৪০৭০১৯১৯ আৰু ৪০৭০৮৪৮৬২ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪৪ টা পদত, ৪০৩০০১১ৰ আৰু ৪০৭১৩৯৪৭ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪২ টা পদত, ৪০৭৩৬৮৮৫, ৪০৮০৩৯৩৭ আৰু ৪১৭০৬৫৮৩ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪০ টা পদৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ ঠিক সেইদৰে ৩ জন প্ৰাৰ্থীয়ে ৩৯ টা পদৰ বাবে, ৰ জন প্ৰাৰ্থীয়ে ৩৮ টা পদৰ বাবে, ২ জন প্ৰাৰ্থীয়ে ৩৭ টা পদৰ বাবে, একোজনকৈ প্ৰাৰ্থীয়ে ক্ৰমে ৩৬ টা, ৩৫ টা, ৩৪ টা পদৰ বাবে, ৩ জন প্ৰাৰ্থীয়ে ৩২ টা পদৰ বাবে, ৰ জনে ৩১ টা পদৰ বাবে, ২ জনে ৩০ টা পদৰ বাবে, ৩ জনে ২৯ টা পদৰ বাবে, ২ জনে ২৮ টা পদৰ বাবে, ৰ জনে ২৭ টা পদৰ বাবে, ৩ জনে ২৬ টা পদৰ বাবে, ২ জনে ২৫ টা পদৰ বাবে, ৭ জনে ২৪ টা পদৰ বাবে, ৪ জনে ২৩ টা পদৰ বাবে, ২ জনে ২২ টা পদৰ বাবে, ৪ জনে ২১ টা পদৰ বাবে, ৬ জনে ২০ টা পদৰ বাবে, ৭ জনে ১৯ টা পদৰ বাবে, ৪ জনে ১৮ টা পদৰ বাবে, ৩ জনে ১৭ টা পদৰ বাবে, ৯ জনে ১৬ টা পদৰ বাবে, ৫ জনে ১৫ টা পদৰ বাবে, ৮ জনে ১৪ টা পদৰ বাবে, ৬ জনে ১৩ টা পদৰ বাবে, ১০ জনে ১২ টা পদৰ বাবে, ২৩ জনে ১১ টা পদৰ বাবে, ২৫ জনে ১০ টা পদৰ বাবে, ২১ জনে ৯ টা পদৰ বাবে, ৩৭ জনে ৮ টা পদৰ বাবে, ৫৫ জনে ৭ টা পদৰ বাবে, ৪৯ জনে ৬ টা পদৰ বাবে, ১১৪ জনে ৫ টা পদৰ বাবে, ১২৪ জনে ৪ টা পদৰ বাবে, ২৭৮ জনে ৩ টা পদৰ বাবে আৰু ২৮৫ জনে ২ টা পদৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ সৰ্বমুঠ ১১২১ জন প্ৰাৰ্থীয়ে দুটাৰ পৰা সৰ্বোচ্ছ ৪৬ টা পদৰ বাবে নিৰ্বাচিত হৈছে৷ ২১৮৮ জন প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে৷

কেৱল স্বাস্থ্য বিভাগৰ নিযুক্তি ফলাফলৰ ক্ষেত্ৰতেই নহয় শেহতীয়াকৈ দেখা গৈছে বিভিন্ন বিভাগত চলি থকা নিযুক্তি পৰীক্ষাত একেজন প্ৰাৰ্থীয়েই বহুকেইটা পদৰ বাবে নিৰ্বাচিত হৈছে৷ যাৰ ফলত অসমৰ নিবনুৱাসকলে আশা কৰা ধৰণে সম্পূৰ্ণ এক লাখ পদত নিযুক্তি নহ’ব আৰু বহুতো নিবনুৱা বঞ্চিত হ’ব৷ আাজি ঘোষনা কৰা State Level Recruitment Commission for Class III ৰ পদ সমূহতো এনে overlahping হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে উল্লেখ কৰে যে এনেদৰে Overlahping ৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিলে এক লাখ নিযুক্তি কেতিয়াও সম্পূৰ্ণ নহ’ব৷ যাৰ ফলত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা বঞ্চিত হোৱাৰ লগতে খালী হৈ থকা পদ সমূহ কেতিয়াও পূৰণ নহ’ব অথবা সেই পদসমূহ পূৰণ হ’বলৈ বহু সময় লাগিব৷ অন্যহাতে, overlahping ৰ ফলত খালি ৰৈ যোৱা একেকেইটা পদৰ বাবে ৰাজ্যৰ নিবনুৱাসকলে বাৰম্বাৰ আবেদন কৰি থাকিব লাগিব, পৰীক্ষা দি থাকিব লাগিব৷ ফলত নিবনুৱাসকলৰ ওপৰত পুনৰ আৰ্থিক আৰু মানসিক হেঁচাও পৰিব৷ ইফালে চৰকাৰে ঘোষনা কৰা অনুসৰি নিযুক্তি লাভ নকৰা সকলৰ আৱেদন মাচুলো বৰ্তমান সময়লৈকে ঘূৰাই দিয়া নাই৷

Overlahping ৰ সমস্যা সমাধান কৰিবলৈ Merit List ঘোষণা কৰাৰ লগতে এখন Waiting list ঘোষণা কৰিব লাগে বা প্ৰথমে Provincial list ঘোষণা কৰি সকলো overlahping ৰ সমস্যা দূৰ হোৱাৰ পিছত Final Merit list ঘোষণা কৰিব লাগে৷ দ্বিতীয়তে যিসমূহ পদৰ বাবে সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা ধাৰ্য কৰা হৈছে, সেইসমূহ পদত যাতে অধিক শিক্ষাগত অৰ্হতা থকা যুৱক যুৱতীসকলে নিযুক্তি লাভ নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ লগতে কোন বিভাগত কিমান জনক এক লাখ নিযুক্তি প্ৰদান কৰা হ’ল আৰু কোন সমূহ নিযুক্তি স্থায়ী আৰু কোন সমূহ অস্থায়ী তাৰ তালিকা অতিশীঘ্ৰে ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে৷ এই দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী নকৰিলে অনাগত দিনত অসমত উদ্ভৱ হ’ব পৰা যিকোনো সমস্যাৰ বাবে জাতীয় যুৱ বাহিনী দায়ী নহয় বুলি সকীয়াই দিয়ে সংগঠনটোৱে৷