নেটফ্লিক্সৰ মিনি ছিৰিজ এডোলেচেন্সত অভিনয় কৰি খলকনিৰ সৃষ্টি কৰা ১৫ বছৰীয়া ওৱেন কুপাৰে ইতিহাসৰ সৃষ্টি কৰিছে। এমি বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া অভিনেতা হিচাপে পৰিগণিত হৈছে তেওঁ।
কুপাৰে নাট্য ধাৰাবাহিকত মুখ্য অভিনেতাৰ বঁটা লাভ কৰে। ইমান কম বয়সতে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এজন শিল্পীয়ে।
এমি বঁটা লাভ কৰাৰ পিছত কুপাৰে কয় যে, “যেতিয়া মই নাটকৰ ক্লাছ আৰম্ভ কৰিছিলো, তেতিয়া মই আশাও কৰা নাছিলো যে মই আমেৰিকালৈ আহিব পাৰিম, এমি বঁটা লাভ কৰাতো বহু দূৰৈৰে কথা।
তেওঁ আৰু কয়, “তিনি বছৰৰ আগতে মই একো নাছিলোঁ আৰু আজি মই ইমানখিনি পাইছোহি।“
বঁটা লাভ কৰাৰ পিছত ওৱেন কুপাৰে প্ৰেছ ৰুমত কয় যে এই বঁটা তেওঁৰ বাবে বহুত গুৰুত্বপূৰ্ণ।উল্লেখ্য যে ‘এডোলেচেন্স’ নেটফ্লিক্সৰ চাৰিটা খণ্ডৰ ধাৰাবাহিক, য’ত ষ্টিফেন গ্ৰেহামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ধাৰাবাহিকখনৰ প্ৰতিটো দৃশ্য এটা শ্বটতে শ্বুটিং কৰা হৈছে। ধাৰাবাহিকখনৰ পৰিচালক হৈছে ফিলিপ বাৰাণ্টিনি।