কৃষ্ণাইৰ বিখ্যাত লিলিমা ট’কিজৰ স্বত্ত্বাধিকাৰী আলতাফ হুছেইনৰ মৃত্যু

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক আলতাফ হুছেইনৰ আজি দুপৰীয়া দেহাৱসান ঘটে !

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ ৷ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ডৰ আৰিমাৰা নিবাসী আলতাফ হুছেইন আছিল এগৰাকী সফল ব্যবসায়ী ৷

তেখেত চিনেমা ব্যৱসায়তো জড়িত আছিল বহুকাল ৷ এসময়ৰ কৃষ্ণাইৰ বিখ্যাত লিলিমা ট’কিজৰ স্বত্ত্বাধিকাৰী আছিল আলতাফ হুছেইন ৷

আজি দুপৰীয়া তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে আৰিমাৰাস্থিত বাসগৃহ ভৰি পৰে গুণমুগ্ধেৰে ৷

ইফালে দুধনৈ আৰু গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে যাদৱ স্বৰ্গীয়াৰী আৰু এ কে ৰশিদ আলমেও প্ৰয়াত সমাজসেৱক গৰাকীৰ গৃহত উপস্থিত হৈ আলতাফ হুছেইনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

মৃত্যুৰ সময়ত হুছেইনে পত্নী,দুই জীয়ৰী আৰু দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।