হাঁহে পানীত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰে : পুনৰ আজৱ মন্তব্য ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেৱৰ

Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

বিতৰ্কিত মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ এক চিৰ পৰিচিত নাম হৈ পৰিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেৱ। ভিত্তিহীন মন্তব্য কৰি ভাল পোৱা মুখ্য মন্ত্ৰীজনে পুনৰ সূত্ৰপাত কৰিছে এক নতুন বিতৰ্কৰ।

এইবাৰ মুখ্য মন্ত্ৰী দেবে অতি হাস্যকৰ মন্তব্য কৰি কয় যে হাঁহে পানীত সাঁতুৰিলে জলভাগত অক্সিজেনৰ স্তৰ স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পায়। ৰাজ্যখনৰ জলপ্ৰাসাদ নীৰমহলৰ ৰুদ্ৰসাগৰত আয়োজিত এক পৰম্পৰাগত নাওখেল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰা পৰিলক্ষিত হয় মুখ্য মন্ত্ৰীজনক।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰী দেৱে কয় যে গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে তথা পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে নৈপৰীয়া লোকৰ উপৰি ৰাজ্যখনৰ অনগ্ৰসৰ গ্ৰামাঞ্চলৰ দুখীয়া লোকলৈ ত্ৰিপুৰা চৰকাৰে ৫০ হেজাৰ হাঁহ পোৱালি বিতৰণ কৰিব। আৰু ইয়ে ত্ৰিপুৰাৰ অৰ্থনৈতিক দিশটোক অধিক ত্বৰাণ্বিত কৰিব।

এই প্ৰসংগত তেওঁ নিজৰ যুক্তি দাঙি ধৰি কয়, ‘যেতিয়া হাঁহে পানীত সাঁতুৰিব তেতিয়া জলভাগত স্বয়ংক্ৰিয়ভাৱে অক্সিজেনৰ স্তৰ বৃদ্ধি পাব। ইয়াৰ ফলত মাছে অধিক অক্সিজেন পাব। এয়া সম্পূৰ্ণ জৈৱিক পদ্ধতি আৰু ইয়াৰ ফলত মাছ সহজতে ডাঙৰ হ’ব’।

আনহাতে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে ৰাজ্যখনৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা হোৱা পৰিলক্ষিত হোৱাৰ উপৰি বিভিন্নজনে তেওঁৰ এই মন্তব্যক তৰল আৰু ইয়াৰ কোনো বিজ্ঞানভিত্তক সত্য সত্যতা নাই বুলিও মন্তব্য কৰে।