পৃথিৱীৰ সকলো জীৱৰ বাবে অক্সিজেন এক অপৰিহাৰ্য পদাৰ্থ। অক্সিজেন নাথাকিলে এই পৃথিৱীত কোনো প্ৰাণী বা উদিদ্ভ জীয়াই থাকিব নোৱাৰে।
এই অক্সিজেন উৎপাদনত উদ্ভিদেই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু মানুহে নিজৰ স্বাৰ্থত অবিবেচকভাবে গছ গছনি কাটি তহিলং কৰিছে।
শেহতীয়াকৈ টোহো বিশ্ববিদ্যালয় আৰু নাছাৰ এজন বিজ্ঞানীয়ে গৱেষণাৰ দ্বাৰা এক প্ৰতিবেদন ৰাজহুৱা কৰিছে। তেওঁলোকৰ মতে, এদিন পৃথিৱীৰ অক্সিজেন একেবাৰে শেষ হৈ যাব।
এই দুজন গৱেষণা কৰি উলিয়াইছে যে পৃথিৱীত আৰু ১ বিলিয়ন বছৰলৈ অক্সিজেন থাকিব। তেওঁলোকে প্ৰকৃতি বিষয়ক এখন আলোচনীত দিয়া বিষয়ে বিতংভাৱে লিখিছে।
পৃথিৱীত অক্সিজেনৰ কেইবাটাও উৎস আছে। তাৰ পৰাই সমগ্ৰ বিশ্বই অক্সিজেন লাভ কৰে। কিন্তু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এই উৎসসমূহ ধ্বংস কৰি অহা হৈছে। গতিকে যেতিয়া উশাহ ল’বলৈ আৰু অক্সিজেন নাথাকিব তেতিয়া তাৰ পৰা উভতি অহাৰ বাট নাথাকিব।
অক্সিজেন কমি যোৱাৰ লগে লগে ৰ’দৰ উত্তাপে সকলোৰে ছালত ফোঁহাৰ সৃষ্টি কৰিব। পৃথিৱীৰ মাটি ফাটিবলৈ আৰম্ভ কৰিব। ইয়াক ৰোধ কৰিব পৰা নাযাব।
যি হাৰত সমগ্ৰ বিশ্বতে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাব, প্ৰতিজন ব্যক্তিয়ে পিঠিত এটা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিব লাগিব। অক্সিজেন নোহোৱা হোৱাৰ লগে লগে কেৱল মানুহেই নহয়, আন জীৱ-জন্তুৰো মৃত্যু হ’ব।
পৃথিৱীত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হ’লে ক্ষুদ্ৰ ক্ষুদ্ৰ বেক্টেৰিয়া গঠন হ’ব। প্ৰতিটো প্ৰাণীৰ শৰীৰত এই বেক্টেৰিয়াই বাহ সাজিব বিচাৰিব।