হিন্দুকে ধৰি সংখ্যালঘু লোকসকলৰ সুৰক্ষাৰ বাবে পাকিস্তানত উত্থাপন হ’ল নতুন বিধেয়ক

দেশখনৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক সাংবিধানিকভাৱে ‘অনা-মুছলিম’ (‘non-Muslims’) হিচাপে উল্লেখ কৰিবলৈ সংসদৰ নিম্ন সদনত এখনি বিধেয়ক উত্থাপন কৰিলে পাকিস্তানৰ এজন সাংসদে।

দেশখনৰ সংখ্যালঘু লোকসকলৰ প্ৰতি কৰি অহা বৈষম্যৰ অন্ত আৰু ন্যায়-সমতা প্ৰতিষ্ঠা কৰিবলৈকে এই বিধেয়কখন উত্থাপন কৰা হৈছে।

বিৰোধী দল পাকিস্তান মুছলিম লীগ- নাৱাজৰ (পিএমল-এন)  কীছ’ মাল খীল দাস নামৰ এই সাংসদজন নেচনেল এচেম্বেলীৰ এগৰাকী সদস্য।

তেওঁ ১১৮ ধাৰাৰ ‘দা ৰুলছ অৱ প্ৰ’চিডিউৰ এণ্ড কনডাক্ট অৱ বিজনেছ ইন দা নেচনেল এচেম্বেলী ২০০৭’ৰ অধীনত এই ব্যক্তিগত বিধেয়কখন উত্থাপন কৰিছে।

চমুকৈ ইয়াক সংবিধান সংশোধনী আইন ২০২১ বুলি কোৱা হৈছে।

শাসনাধিস্থ দলে এতিয়ালৈকে বিধেয়কখন বিৰোধ কৰা নাই আৰু এখন সমিতিলৈ ইয়াক হস্তান্তৰ কৰা হৈছে।

তাৰ পাছতে ইয়াক ভোটিঙৰ বাবে উপস্থাপন কৰা হ’ব।

সাসংদ দাসে কয় যে এই বিধেয়কখনৰ দ্বাৰা সংবিধান সংশোধন কৰিলে পাকিস্তানত নিজৰ বাসভূমি হিচাপে সকলো নাগৰিকে ন্যায় আৰু সমতাৰে জীয়াই থাকিব পাৰিব।

উল্লেখযোগ্য যে পাকিস্তানত ২২০ মিলিয়ন জনসংখ্যাৰ ভিতৰত ৩.৫ শতাংশ লোক হিন্দু।

হিন্দুৰ উপৰিও বুজনসংখ্যক খ্ৰীষ্টান, আহমেদিজ, বাহাইজ, শিখ, পাৰ্চি আৰু বৌদ্ধধৰ্মী লোকো দেশখনত আছে।