NORTHEAST NOW (Assamese)

অবাক হৈ পৰিল মিয়া খালিফা! পাকিস্তানত নিষিদ্ধ প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ টিকটক একাউণ্ট

May 25, 2021 2:03 pm · এন ই নাও নিউজ
Updated: May 25, 2021 4:01 pm

পাকিস্তানে দেশখনত নিষিদ্ধ কৰিলে মিয়া খালিফাৰ টিকটক একাউণ্ট।

দেশখনৰ টেলিকমিউনিকেচন কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিছে।

কিয় নিষিদ্ধ কৰা হৈছে, সেই বিষয়ে স্পষ্টভাৱে জনোৱা হোৱা নাই।

অৱশ্যে কৰ্তৃপক্ষই ইয়াক অফিচিয়েলী ঘোষণা কৰা নাই।

তেওঁৰ টিকটক একাউণ্ট নিষিদ্ধ কৰাৰ বাতৰিটো প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে এগৰাকী অনুৰাগীৰ পৰা টুইটাৰযোগে জানিব পাৰে।

বাতৰিটো শুনি প্ৰাক্তন পৰ্ণষ্টাৰগৰাকী অবাক হৈ পৰে।

এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন প’ৰ্ণষ্টাৰগৰাকীয়ে কয় যে টুইটাৰযোগে তেওঁ টিকটকৰ ক্লিপসমূহ ৰি-প’ষ্ট কৰি যাব।

পাকিস্তানত ফেচিজিম চলি আছে বুলি কৈ তেওঁ জনায় যে টিকটক ভিডিঅ’সমূহ টুইটাৰত ৰি-প’ষ্ট কৰি পাকিস্তানী অনুৰাগীসকলক আনন্দ প্ৰদান কৰি যাব।

উল্লেখযোগ্য যে টিকটকত মিয়া খালিফাৰ ২২.২ মিলিয়ন ফলোৱাৰছ আৰু ২৭০ মিলিয়ন লাইকচ আছে।

পৰ্ণ ছবিৰ কেৰিয়াৰ বাদ দি বৰ্তমান মিয়াই টুইটাৰযোগে ভাৰত, লেবানন, পেলেষ্টাইনকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ সমস্যা আৰু প্ৰতিবাদক লৈ নিজৰ মত প্ৰকাশ কৰি চৰ্চিত হৈ আছে।

Related News