পাকিস্তানত পেলেস্তাইনৰ সমৰ্থনত উলিওৱা ৰেলীত বোমা বিস্ফোৰণ, হতাহত বহু জন

pak

ইজৰাইল-পেলেস্তাইনৰ মাজত লাগি থকা ৰক্তক্ষয়ী যুদ্ধত এতিয়ালৈকে প্ৰায় তিনিশ পেলেস্তাইনীৰ মৃত্যু ঘটিছে।

গাজাত ইজৰাইলে পেলেস্তাইনৰ বিৰুদ্ধে কৰা বোমাবৰ্ষণৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাৱস্ত্যকৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰু কেইবাজনো লোকে।

আজি পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত চমন প্ৰদেশত নাজৰিয়াতি নামৰ ধৰ্মীয় সংগঠনটোৰ আহ্বানত বহু লোকে ইজৰাইলৰ বৰ্বৰতাৰ প্ৰতিবাদ কৰি ৰাজপথত ৰেলী উলিয়াইছিল।

ৰেলী চলি থকাৰ মাজতে হঠাতে পথৰ কাষত ভয়ংকৰ শব্দ কৰি এটা বোমাৰ বিস্ফোৰণ ঘটে। ফলত চেদেলি-ভেদেলি হৈ পৰে ৰেলীত ভাগ লোৱা লোকসকল।

বিস্ফোৰণৰ ঘটনাত ২০ জনৰো অধিক লোক  গুৰুতৰ ভাবে আহত হোৱাৰ লগতে ৭ জন লোকৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে।

চমন প্ৰদেশৰ শীৰ্ষ আৰক্ষী বিষয়া মহম্মদ ইকবালে প্ৰকাশ কৰা মতে এতিয়ালৈকে ৭ টা মৃতদেহ পোৱা গৈছে।

আহতৰ ভিতৰৰে বহু কেইজনৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে বুলি তেওঁ প্ৰকাশ কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে বিস্ফোৰণ ঘটা বোমাটো কোনোৱাই এখন মটৰ চাইকেলত ৰাখি থৈছিল।

ইপিনে বিস্ফোৰণটোত কথমপি প্ৰাণৰক্ষা পৰে ধৰ্মীয় সংগঠনটোৰ নেতা আব্দুল কাদেৰ লোনিৰ।

তেওঁ বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা ঘটনাটো ঘটাৰ কিছু সময় আগতে আঁতৰি আহিছিল।

পেলেস্তাইনীৰ সমৰ্থনত উলিওৱা ৰেলীত এনেদৰে কোনো বোমা বিস্ফোৰণ সংঘটিত কৰিলে তাকেলৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।