পাকিস্তানত ১ লাখ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা; ২৪ ঘণ্টাত ১০০ গৰাকীৰ অধিক মৃত্যু

642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

পাকিস্তানত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে।

বিগত ২৪ ঘণ্টাত পাকিস্তানত মুঠ ৪,৬৪৬ গৰাকী নতুন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ইয়াৰ ফলত দেশখনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১,০৮,৩১৭ গৰাকীলৈ বৃদ্ধি পায়।

পাকিস্তানৰ স্বাস্থ্য সেৱা মন্ত্ৰ্যালয়ে মঙলবাৰে এইকথা প্ৰকাশ কৰে।

পাকিস্তানত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত ২১৭২ গৰাকী লোক সংক্ৰমিত হৈছে।

বিগত ২৪ ঘণ্টাত দেশখনত ১০০ গৰাকীতকৈ অধিক লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

আনহাতে, দেশখনত এতিয়ালৈ মুঠ ৩৫,০১৮ গৰাকী লোক ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে, পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চাহিদ খান আব্বাছি ক’ৰ’নাত আক্ৰান্ত হৈ বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে।

দেশখনত দুগৰাকী ক্ৰিকেটাৰৰো ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছিল।