ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি হলেও শনিবাৰে ল’কডাউন উঠাই ল’ব পাকিস্তানে

Imran_Khan

ইমৰাণ খান

ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাগত হাৰত বৃদ্ধি পাই থকাৰ পাছতো পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানে বৃহস্পতিবাৰে দেশখনত শনিবাৰৰ পৰা পৰ্যাক্ৰমে ল’কডাউন উঠাই ল’ব বুলি কয়।

পাকিস্তানৰ লাখ লাখ দুখীয়া আৰু সাধাৰণ শ্ৰমিক শ্ৰেণীৰ জনসাধাৰণে দৈনন্দিন জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভোগা বাবেই বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি পাকিস্তানী প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।

বিগত ২৪ ঘণ্টাত পাকিস্তানত ১,৫২৩ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

পাকিস্তানত বৰ্তমানলৈ ২৬,০০০ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬০০ অধিক লোক এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে।

পাকিস্তানে ক’ৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজ কৰি থকা অৱস্থাতো ভাৰতৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ অব্যাহত ৰাখিছে।

বুধবাৰে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধানে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ বাবে সীমান্তত ১৫০ অধিক সন্ত্ৰাসবাদীয়ে বাহৰ পাতি আছে বুলি কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ১৭ মে’লৈ ল’কডাউন বৃদ্ধি কৰা হৈছিল।

ভাৰতৰ লগতে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনায়ো দেশখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ১৬ মে’লৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।