NORTHEAST NOW (Assamese)

কি হৈছিল! ভাৰতীয় প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পাকিস্তানী অভিনেত্ৰীৰ

January 12, 2023 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে পৰিচালক আৰু প্ৰযোজকৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়াযোগে দিয়া এক ভিডিঅ’ বাৰ্তাত তেওঁ এই অভিযোগ দাঙি ধৰিছে।

পাকিস্তানী অভিনেত্ৰী মেহৰীন শ্বাহে দৃশ্যগ্ৰহণৰ বাবে পৰিচালক আৰু প্ৰযোজকৰ সৈতে আজাৰবাইজানৰ বাকুলৈ গৈছিল। তেওঁ অভিযোগ কৰিছে যে পাকিস্তানী পৰিচালক চৈয়দ এহছান আলী জাইদী আৰু ভাৰতীয় প্ৰযোজক ৰাজ গুপ্তাই যৌন কৰ্মীসকলক তেওঁ থকা হোটেললৈ লৈ আনিছিল।

তেওঁলোকে আনকি মেহৰীনক এক অনৈতিক প্ৰস্তাৱ দিয়ে। অভিনেত্ৰীগৰাকীয়ে  তেওঁলোকৰ প্ৰস্তাৱত সঁহাৰি নিদিয়াৰ বাবে তেওঁলোকে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল।

 

ঘটনাটো কেইদিনমান আগতে সংঘটিত হৈছিল যদিও তেওঁ নীৰৱ আছিল। কিন্তু তেওঁ আৰু মৌন হৈ থাকিব নোৱাৰিলে আৰু ঘটনাটো সামাজিক মাধ্যমত এইদৰে প্ৰকাশ কৰে। মেহৰীনে কয় যে তেওঁ এতিয়াও আজাৰবাইজানত আবদ্ধ হৈ আছে।

 প্ৰস্তাৱটোত সন্মত নোহোৱাৰ বাবে তেওঁক কেৱল বেয়া ব্যৱহাৰ কৰাই নহয়, তেওঁক আনকি ভালকৈ খাবলৈ দিয়া হোৱা নাই। নোখোৱাকৈ কাম কৰাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছে। কিন্তু শ্বুটিং ছেটৰ পৰা তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই। আনকি তাৰপিছতো তেওঁলোকে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে।

আনহাতে, এতিয়া তেওঁ দেশলৈ ঘূৰি আহিব বিচাৰে যদিও প্ৰযোজকে তেওঁক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা কৰা নাই। গতিকে অভিনেত্ৰীগৰাকীয়ে বাধ্য হৈ নিজৰ দেশলৈ উভতি যাবলৈ নিজেই টিকট কিনিবলগীয়া হৈছে।

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে পৰিচালক আৰু প্ৰযোজকৰ পৰা আন অভিনেত্ৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে। অৱশ্যে মেহৰীন শ্বাহৰ অভিযোগ সন্দৰ্ভত পৰিচালক বা প্ৰযোজকৰ পৰা কোনো মন্তব্য পোৱা হোৱা নাই।

Related News