NORTHEAST NOW (Assamese)

নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা : সীমান্তত গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

May 6, 2025 9:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 6, 2025 6:25 pm

জম্মু-কাশ্মীৰৰ পুঞ্চত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হল এজন পাকিস্তানী নাগৰিক।

মঙলবাৰে বি এছ এফে জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

তেওঁ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সীমান্তৰক্ষীয়ে। ধৃত ব্যক্তিজনৰ নাম ৱাকাছ বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰৰ সময়ত অনুপ্ৰৱেশকাৰীগৰাকীৰ পৰা কোনো অপৰাধমূলক সামগ্ৰী উদ্ধাৰ কৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত উগ্ৰপন্থী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত সীমান্ত অঞ্চলত বি এছ এফে নিৰাপত্তা আৰু অধিক শক্তিশালী কৰি তুলিছে। ইফালে বিগত তিনিদিনত পাক ৰেঞ্জাৰসহ তিনিজন পাকিস্তানীক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ৩ মেত বি এছ এফে পঞ্জাৱ সীমান্তৰ পৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। জংঘলত আত্মগোপন কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল পাকিস্তানী নাগৰিকজনে। তেওঁ এতিয়া পঞ্জাৱ আৰক্ষীৰ জিম্মাত। একেদিনাই ৰাজস্থানত এজন পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰা হয়। খবৰ অনুসৰি তেওঁক বি এছ এফৰ বিষয়াই জেৰা কৰি আছে।

Related News