ভাৰতীয় দূতাবাসৰ পৰা ফাদিল কৰিছিল গোপন তথ্য; গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

ফটোঃ সংগ্ৰহীত।

বিফল হ’ল পাকিস্তানৰ চক্ৰান্ত। দেশৰ মাটিৰ পৰা ধৰা পৰিল এজন পাকিস্তানী চোৰাংচোৱা। উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা এজন পাকিস্তানী আই এছ আই এজেণ্টক গ্ৰেপ্তাৰ কৰিছে সন্ত্ৰাসবাদ বিৰোধী শাখাই (এ টি এছ)। জানিব পৰা মতে, আই এছ আই এজেণ্টজন ৰাছিয়াৰ মস্কোত থকা ভাৰতীয় দূতাবাসত কৰ্মৰত আছিল।

উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই দেওবাৰে মীৰাটৰ পৰা সত্যেন্দ্ৰ ছিৱাল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, যুৱকজনে ২০২১ চনৰ পৰা মস্কোত থকা ভাৰতীয় দূতাবাসত কৰ্মৰত আছিল।

দূতাবাসত কাম কৰাৰ আঁৰে আঁৰে সত্যেন্দ্ৰ ছিৱালে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় সেনাৰ গোপন তথ্য প্ৰেৰণ কৰিছিল।

লগতে পঢ়কঃ পশ্চিমবংগত কংগ্ৰেছক এলাগী! অসমত তৃণমূলৰ সৈতে আসন ভাগ-বতৰা পুনৰ্বিবেচনা কৰিব প্ৰদেশ কংগ্ৰেছে

এ টি এছৰ বিষয়াসকলে কয় যে অভিযুক্ত যুৱকজনে ৰাছিয়াৰ মস্কোত থকা ভাৰতীয় দূতাবাসত কৰ্মৰত আছিল। আইবিএছএ পদত নিযুক্তি হৈ আছিল। পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ হেণ্ডলাৰৰ সংস্পৰ্শত আছিল সত্যেন্দ্ৰ। বিপুল ধনৰ বিনিময়ত তেওঁ ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানক ফাদিল কৰিছিল।

জানিব পৰা মতে, যুৱকজন উত্তৰ প্ৰদেশৰ ৱাহাপুৰৰ শ্বাহ মহিউদ্দিনপুৰ গাঁৱৰ বাসিন্দা। যুৱকজনে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা বুলি গোপনীয় সূত্ৰই এ টি এছক খবৰ দিয়ে। দীৰ্ঘদিন ধৰি চোৰাংচোৱাগিৰিৰ অন্তত মীৰাটলৈ তেওঁক সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল।

প্ৰথমতে তেওঁ সকলো অস্বীকাৰ কৰিছিল যদিও চাপ দিয়াৰ পিছত সত্যেন্দ্ৰই চোৰাংচোৱাগিৰি কৰা বুলি স্বীকাৰ কৰিছে। তেওঁৰ পৰা দুটা ফোন, এখন আধাৰ কাৰ্ড আৰু নগদ ধন উদ্ধাৰ কৰা হৈছে। মোবাইল ফোনটোৰ কল লিষ্টৰ মাজেৰে গৈ বিতং তথ্য পাবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে লক্ষ্ণৌত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।