তামিলনাডুৰ কইম্বাটুৰৰ এখন আদালতে ছবছৰীয়া পোল্লাচী দলীয় ধৰ্ষণ কাণ্ডৰ ৰায় ঘোষণা কৰিছে। বিশেষ মহিলা আদালতে ৯জন অভিযুক্তক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আদালতে নিৰ্যাতনৰ বলি হোৱা ৮ জন লোকক ৮৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।
ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, যৌন নিৰ্যাতন, ব্লেকমেইল, ধন দাবী আদি একাধিক গুৰুতৰ দোষত ৯ জনক দোষী সাব্যস্ত কৰা হৈছে। নিম্ন আদালতৰ ন্যায়াধীশ নন্দিনী দেৱীয়ে ৫০ জন সাক্ষী আৰু ২৪০ টা তথ্যচিত্ৰ প্ৰমাণকে ধৰি একাধিক প্ৰমাণৰ ভিত্তিত অভিযুক্তক শাস্তি প্ৰদান কৰে।
আদালতৰ সূত্ৰ অনুসৰি এ ৰিশ্বৱন্ত ওৰফে শবাৰীৰাজন, কে থিৰুনাভুক্কাৰাসু, এন সতীশ, টি বসন্তকুমাৰ, আৰ মণিভান্নন ওৰফে মণি, কে অৰুলানন্থম, পি বাবু, হাৰোনিমাছ পল আৰু এম অৰুণকুমাৰ – এই ৯ জন লোকক দোষী সাব্যস্ত কৰা হৈছে।
উল্লেখ্যয যে এই গোচৰত ৮ গৰাকী ভুক্তভোগীয়ে বক্তব্য দিছে। মঙলবাৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে আদালতৰ চৌহদত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত পল্লাচী দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহে। যিয়ে ৰাজ্যৰ ৰাজনীতিক উত্তপ্ত কৰি তুলিলে। সেই বছৰত এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তদন্তত প্ৰকাশ পাইছিল যে ৯ জনীয়া যুৱকৰ এটা দলে বেছিভাগ কলেজীয়া ছাত্ৰীক লক্ষ্য কৰি ধৰ্ষণ কৰাৰ পৰিকল্পনা কৰিছিল। তাৰ পিছত তেওঁলোকক ভিডিঅ’টো দেখুৱাই ব্লেকমেইল কৰি ধন দাবী কৰে। অভিযুক্তৰ ভিতৰত আছে এআইএডিএমকেৰ তেতিয়াৰ পল্লাছি চহৰৰ ছাত্ৰ শাখাৰ এজন নেতা।
ৰাজনীতি অধিক তীব্ৰতৰ হোৱাৰ লগে লগে আৰক্ষীৰ পৰা চি আই ডিলৈ তদন্ত হস্তান্তৰ কৰা হয়। অৱশেষত বিৰোধী দলৰ হেঁচাত চিবিআইক তদন্তৰ দায়িত্ব দিয়া হ’ল। তদন্তৰ সূচনা হোৱাৰ লগে লগে ইটোৰ পিছত সিটোকৈ বিস্ফোৰক তথ্য ওলাই আহিল। অভিযুক্তৰ দলটোৰ বিৰুদ্ধে ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে ৮ গৰাকী যুৱতীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। যিটো মঙলবাৰে আদালতত প্ৰমাণিত হয়।