বোকাখাতত সুকলমে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন; ৭৮.০৫%ৰ ভোটদান 

Bokakhat

ৰাজ্যৰ কেইবাঠাইৰ লগতে যোৱা কালি অৰ্থাৎ ৫ ডিচেম্বৰত বোকাখাতত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। বোকাখাত মহকুমাটোৰ ২০ খন গাঁও পঞ্চায়তৰ মুঠ ২০৩ টা ভোটদান কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ কাৰ্য সম্পন্ন হয়।

এইবাৰ মহকুমাটোত মুঠ ৭৮.০৫ শতাংশ ভোটাৰে নিজৰ নিজৰ ভোট প্ৰদান কৰে। বোকাখাত মহকুমাৰ সৰ্বমুঠ ১২৮২১০ ভোটাৰৰ বিপৰীতে ভোটদান কৰে ১০০০৭০ জনে।

ইয়াৰে ৫১০১৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৪৯০৫৩ গৰাকী মহিলা ভোটাৰ। উল্লেখযোগ্য যে ভোটদান কৰা ১০০০৭০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব গাঁও পঞ্চায়তৰ মুঠ ৭৫৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

বিভাগীয় তথ্য মতে বোকাখাতৰ মুঠ ২০৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ১২৫ নম্বৰ ধোদাং এল পি স্কুলৰ কেন্দ্ৰত সৰ্বাধিক ১০৯৬ গৰাকী ভোটাৰে ভোটদান কৰাৰ বিপৰীতে কাজিৰঙাৰ ৯ নম্বৰ পিলখানা এল পি স্কুলৰ কেন্দ্ৰত সৰ্বনিম্ন ২৫১ জন ভোটাৰে ভোট দিয়ে।

বোকাখাত মহকুমাৰ ২০ খন গাঁও আৰু আঞ্চলিক পঞ্চায়ত আৰু চাৰিখন জিলা পৰিষদৰ আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনটোত মহকুমাটোৰ ২ টা ভোট গ্ৰহন কেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ আছিল।