বঙাইগাঁৱৰ পঞ্চায়তৰ কেলেংকাৰি: জে’ললৈ সচিব দীপক ঘোষ, পলাতক কনিষ্ঠ অভিযন্তা নৰেন কলিতা

বঙাইগাওঁ জিলাৰ ডাঙাইগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ জে’ল গমনৰ পিছত বৃ্হস্পতিবাৰে নিশা গেৰুকাবাৰী আৰক্ষীয়ে বিজনী ভেটাগাঁৱৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে সৃজনগ্ৰাম জপিয়া গাওঁ পঞ্চায়তৰ সচিব দীপক ঘোষক।

একাধিক দুৰ্নীতিৰ অভিযোগত ঘোষৰ বিৰুদ্ধে মাণিকপুৰৰ খণ্ড উন্নয়ন বিষয়াই তৰা গোচৰৰ ভিত্তিত তেওঁক প্ৰাথমিক জেৰাৰ পিছতে জিলা আদালতে জে’ললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

একেটা গোচৰতে পঞ্চায়তখনৰ সভানেত্ৰী জে’লত থকাৰ বিপৰীতে কনিষ্ঠ অভিযন্তা নৰেন কলিতা এতিয়াও পলাই আছে|

ডাঙাইগাঁৱৰ এজন যুৱকে আৰ টি আই আবেদনৰ জৰিয়তে উক্ত পঞ্চায়তখনৰ সভানেত্ৰী, সচিব আৰু কনিষ্ঠ অভিযন্তাই  বিভিন্ন আঁচনিত বৃহৎ দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আনিছিল।

পৰৱৰ্ত্তী সময়ত এই দুৰ্নীতিৰ বিষয়ে হিৰণ ৰায় নামৰ যুৱকজনে কৰা অভিযোগৰ পিছত বঙাইগাওঁ জিলা প্ৰশাসনে কৰা তদন্তৰ ভিত্তিত মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াই পঞ্চায়তৰ সভানেত্ৰী, সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে মাণিকপুৰ আৰক্ষী থানাত  ভাৰতীয় দণ্ড বিধিৰ ৪০৬/ ৪০৯ নং ধাৰাত ২৩২/১৮ নং গোচৰ ৰুজু কৰিছিল।