NORTHEAST NOW (Assamese)

শিশু দিৱসত অসমৰ শ্ৰোতালৈ পাপন-নীলোৎপলৰ নতুন গীত উপহাৰ

November 13, 2018 6:49 pm · এন ই নাও নিউজ

শিশু দিৱস উপলক্ষে ৰাজ্যৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই সংগীতপ্ৰেমী ৰাইজৰ বাবে লৈ আহিছে নতুন অসমীয়া গান। ১৪ নৱেম্বৰত অৰ্থাৎ শিশু দিৱসৰ দিনাই মনগীত শীৰ্ষক গীতটো মুকলি পাব।

গীতিকাৰ মানস মহন্তই লিখি উলিওৱা উক্ত গীতটোত পাপনৰ সৈতে কণ্ঠ নিগৰাইছে ‘মাজুলী’ শীৰ্ষক গীতটোৰে খলকনিৰ সৃষ্টি কৰা নীলোৎপল বৰাই।

গীতটো সম্পৰ্কত এক টুইটযোগে পাপনে নীলোৎপলৰ সৈতে এইটো তেওঁৰ প্ৰথমটো যুটীয়া গান বুলি উল্লেখ কৰে গানটোক শ্ৰোতাৰাইজে আঁকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে পাপনে যোৱা ২১ ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি পোৱা উত্তৰ-পূবৰ জ্বলন্ত সমস্যাক লৈ নিৰ্মিত ব্যয়বহুল অসমীয়া ছবি থ্ৰী স্মকিং বেৰেলছৰ কেইবাটাও গানত কণ্ঠদান কৰিছিল। আনহাতে নদী, জোনাকৰে ৰাতি, ঘৰমুৱা পক্ষী আদি কেইবাটাও জনপ্ৰিয় গীতেৰে ইতিমধ্যে খ্যাতি লাভ কৰা নীলোৎপল ‘য়েহ মেৰি ফেমিলি’ নামৰ এখন জনপ্ৰিয় ৱেব ছিৰিজত ধাগা নামৰ এটা হিন্দী গীতত কণ্ঠদান কৰিছে।

Related News