NORTHEAST NOW (Assamese)

‘’মোৰ ভাগ্য বেয়া বাবেই বিসংগতি হ’ল’’, সাহিত্য সভাৰ পতাকা ওলোটাকৈ উৰাৰ পিছত পৰমানন্দৰ প্ৰতিক্ৰিয়া

February 1, 2019 10:09 pm · কল্পজ্যোতি শইকীয়া
পতাকা উত্তোলন কাৰ্য্যসূচীত সভাপতি পৰমানন্দ ৰাজবংশী।

ৰহাৰ জোঙালবলহু সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ বিশেষ অধিৱেশষ আজি দ্বিতীয় দিনা পতাকা উত্তোলনত দেখা দিয়া গুৰুতৰ বিসংগতিৰ প্ৰতিক্ৰিয়া কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। তেওঁ ইয়াক নিজৰ ‘ভাগ্য বেয়া’ বাবে হোৱা বুলি কয়।

সভাৰ দ্বিতীয় দিনটোত আজি সাহিত্য সভাৰ প্ৰতীক সম্বলিত ১১২খনকৈ পতাকা উত্তোলন কৰা হয়। কিন্তু অথন্তৰ ঘটে মূল পতাকা উত্তোলন কাৰ্য্যসূচীত।

সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে পতাকা উত্তোলন কাৰ্য্যসূচী আৰম্ভ কৰিবলৈ লওঁতেই প্ৰথমবাৰ ৰছীৰে সৈতে তললৈ সৰি পৰিল মূল পতাকাখন। পতাকা উত্তোলনস্থলীত উপস্থিত থকা এজন কৰ্মকৰ্তাই দৌৰি গৈ পতাকাখনৰ ৰছীডাল ওপৰত বান্ধি দিলেগৈ যদিও দ্বিতীয়বাৰ ঘটিল তাতকৈ ডাঙৰ অথন্তৰ।

দ্বিতীয়বাৰ পতাকাখন উত্তোলন কৰিলে যদিও ওলোটাকৈহে উৰিল। আকৌ এবাৰ কৰ্মকৰ্তাজন ওপৰলৈ উঠি নমাই আনিলে পতাকাখন। এইবাৰ সভাপতিয়ে নিজে ৰছীৰে বান্ধি তলতেই উত্তোলন কৰে পতাকাখন।

ইয়াৰ পিছতে পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে পৰমানন্দ ৰাজবংশীয়ে ঘটনাটোৰ বাবে ক্ষমা বিচৰাৰ লগতে আদৰণি সমিতিৰ ভুলৰ বাবে এনে ঘটনা হোৱা বুলিও কয়। ঘটনাটোক নিজৰে দুৰ্ভাগ্য বুলিও কয় সভাপতিগৰাকীয়ে।

‘’পতাকাখন উত্তোলনৰ বিসংগতিটো মোৰ ভাগ্য বেয়া বাবেই হ’ল। মূল পতাকাখনতহে এনে বিসংগতি হৈছে, বাকী পতাকাবিলাক ঠিকেই উৰিছে। সেয়াই আমাৰ শক্তি।‘’ সংবাদ মাধ্যমৰ আগত পৰমানন্দ ৰাজবংশীৰ মন্তব্য।

Related News