ম্যানমাৰত ভতিজা মুন্না বৰুৱা ওৰফে ৰূপক অসমৰ মৃত্যু হোৱা বাতৰিক অস্বীকাৰ পৰেশ বৰুৱাৰ

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁৰ ভতিজা মুন্না বৰুৱাৰ মৃত্যু হোৱা বুলি প্ৰকাশ পোৱা বাতৰিক অস্বীকাৰ কৰিছে।

স্থানীয় সংবাদমাধ্যৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই মুন্না বৰুৱা ওৰফে ৰূপক অসম এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে।

‘‘মুন্না বৰুৱা ম্যানমাৰৰ গভীৰ অৰণ্যত ২৯ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে। তেওঁ চিজোফ্ৰেনিয়াত আক্ৰান্ত হৈ আছে আৰু আমি সাতদিন ধৰি মুন্নাৰ সন্ধান অব্যাহত ৰাখিছো,’’ পৰেশ বৰুৱাই মুন্না বৰুৱাৰ মৃত্যুৰ বাতৰি খণ্ডন কৰি এইদৰে কয়।

মুন্না বৰুৱা(২৬) ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ বাসিন্দা আৰু তেওঁৰ পিতৃ বিমল বৰুৱা পৰেশ বৰুৱাৰ জেষ্ঠ ভাতৃ।

আলফা(স্বা)ত যোগদানৰ পূৰ্বে মুন্না বৰুৱাই কনিষ্ঠ অভিযন্তা হিচাপে ডিগবৈ ৰিফাইনেৰীত কাম কৰি আছিল।

উল্লেখযোগ্য যে, ডিগবৈত কাম কৰি থকাৰ সময়তো ২০১৮ চনত মুন্না বৰুৱা সন্ধানহীন হৈছিল। আৰু আই অ’ চি কৰ্তৃপক্ষক নজোনোৱাকৈ মুন্না বৰুৱা সন্ধানহীন হৈছিল।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মুন্না বৰুৱা সন্ধানহীন হোৱা সম্পৰ্কে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে মুন্না বৰুৱাই আলফাত যোগদান কৰা বুলি নিশ্চিত কৰে।