পৰেশ বৰুৱা আলোচনালৈ আহক, কিন্তু স্বাধীন অসম নাপায় : তৰুণ গগৈ

‘স্বাধীন অসম পৰেশ বৰুৱাই বিচাৰি থকাটো আমি আগতেই নাকচ কৰিছো। পৰেশ বৰুৱা আহক আলোচনালৈ, কিন্তু স্বাধীন অসম নাপায়। সাৰ্বভৌমত্বৰ কথা আমাৰ দিনত নাপাতো বুলি কৈছিলো, সকলো বিষয় লৈছিলো কিন্তু সাৰ্বভৌমত্ব মানি লোৱা নাছিলো। এইখন চৰকাৰে কি কৰে নাজানো।‘ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বুধবাৰে দিচপুৰস্থিত নিউ মিনিষ্টাৰ কলনীৰ চৰকাৰী আৱাসগৃহত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এনডিএফবি ৪ টা গোট আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত স্বাক্ষৰিত বড়ো শান্তি চুক্তি গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘বড়ো শান্তি চুক্তি গ্রহণযোগ্য নহয়। বড়োলেণ্ডৰ সৰহ সংখ্যক লোকে এই চুক্তি গ্ৰহণ কৰা নাই। এই চুক্তিৰ বিৰুদ্ধে বিটিএদিৰ বহু লোক ওলাই আহিছে। ২০০৩ চনত আমিও এই চুক্তি কৰিছিলো। এতিয়া পৃথক বড়োলেণ্ড নাকচ কৰা বুলি বিজেপি চৰকাৰে ক্ৰেডিট ল’লেও তেতিয়াই আমি ৫০-৫০ অসম বিভাজন নাকচ কৰিছিলো।‘

ইপিনে, সদ্য স্বাক্ষৰিত চুক্তিখনক ‘একপক্ষীয় চুক্তি’ আখ্যা দি তেওঁ কয় ‘বড়ো সকলৰ লগত থকা অন্যান্য জনগোষ্ঠী ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আন্দোলন কৰি আহিছে। নৱ শৰণীয়াৰ জয়ে ইয়াক প্ৰতিফলিত কৰিছে। বড়ো সকলৰ উন্নতি বিচাৰিছিল ঠিকেই আছে, কিন্তু প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলৰ লগতো আলোচনা কৰিব লাগিছিল। বড়োলেণ্ড কেৱল বড়ো সকলৰ বাবে নহয়। এতিয়া এক নতুন সমস্যাৰ সৃষ্টি হ’ব।‘

গগৈয়ে লগতে কয় ‘আমি ২০০৩ চনত চুক্তি বড়োলেণ্ডৰ বড়ো-অবড়ো সকলো দল সংগঠনৰ লগত আলোচনা কৰিছিলো। কিন্তু এওঁলোকে ক’ত কৰিলে? বিভিন্ন সমস্যা লৈ আন্দোলন কৰি থকা অবড়ো সকলক আলোচনাত নল’লে কিয়?’

তদুপৰি, চুক্তিখন একপক্ষীয়ভাৱে স্বাক্ষৰিত হোৱাৰ ফলত ‘এক নতুন অশান্তি হ’ব’ বুলি আশংকা কৰে গগৈয়ে।

তেওঁ আৰু কয় ‘এতিয়া আন্দোলন কাৰ্বিআংলং লৈ বিয়পি যাব বুলি ইংগিত পাইছো। বড়ো সকলক দিয়াৰ লগে লগে এতিয়া কাৰ্বি, হাচং, মিছিং সকলেও ভাবিব আমাক কিয় দিয়া নাই?’

উক্ত সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বাকীসকলকো মাতি নি আলোচনা কৰক আৰু প্ৰাপ্য বোৰ প্ৰদান কৰিবলৈ গগৈয়ে দাবী জনায়।

গগৈৰ মতে ‘উন্নয়নৰ কথা বাদ দি ধৰ্মৰ নামত প্ৰলোভনৰ ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে। ভাগ ভাগ কৰিলে অসমলৈ শান্তি নাহে।‘

ইপিনে, বড়োলেণ্ডৰ নামটো কিয় বদলি কৰা হ’ল? বুলি প্ৰশ্ন কৰি গগৈয়ে লগতে কয় ‘তেওঁলোকে এতিয়া ৯০% UTC পোৱাৰ দৰেই হ’ল। এৰিয়া কিয় বঢ়োৱা হ’ল? হিমন্তই আগতে এৰিয়া নাবাহে বুলি কৈছিল। তেওঁ আচলতে একো নাজানে। এতিয়া কিয় বঢ়ালে?’

ইপিনে, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলামক বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ তুলি গগৈয়ে লগতে কয় ‘এই চৰকাৰে দমননীতি চলাইছে। যদি সঁচাকৈ গণতন্ত্ৰত বিশ্বাস আছে শান্তিপ্ৰিয় আন্দোলনকাৰীক দমন কৰাৰ পৰা বিৰত থাকক। দমন নীতিয়ে আন্দোলন দমাব নোৱাৰে , বৰঞ্চ বৃদ্ধিহে হ’ব।‘

‘আছু আৰু ছাত্ৰ সমাজে আমাৰ প্ৰৰোচনাত পৰি আন্দোলন কৰিছে নেকি? তেওঁলোকে নিজে নিজে ওলাই আহিছে আন্দোলন কৰিবলৈ। আন্দোলন দেখাত মৰিছে কিন্তু মানুহৰ মনৰ পৰা ক্ষোভটো আঁতৰা নাই। বিধানসভা নিৰ্বাচনলৈকে এই ক্ষোভ থাকিব, সময়ত ক্ষোভ উজাৰি দিব। কা গুচাই দিলে ক্ষোভটো আতঁৰিব।‘ গগৈয়ে সংবাদমেলত কয়।