জানুৱাৰীৰ ৩১ তাৰিখ। ৰেডক্ৰছৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ মই তেওঁলোকৰ চানমাৰীৰ অফিচটোৰ ওপৰৰ মহলালৈ উঠি গৈছোঁ। ওপৰত, খটখটীখনৰ মুখতে ফ্ৰেঞ্চকাটৰ দৰে দাঢ়িৰে সুদৰ্শন লোক এজনে তলৰ ফালে চাই থিয়হৈ আছে। মই আগ্ৰহেৰে মানুহজনৰ ফালে চাইছোঁ। ওচৰলৈ গৈ দেখো, হাৰে এয়া দেখোন আমাৰ বি চি, বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ। বাহ! বি চি ইমান ধুনীয়াহৈ আছে! মোক দেখি তেখেতৰ মুখতো হাঁহি!
কিন্তু, শনিবাৰে পুৱা কি শুনিলো, বি চি ঢুকাল। তেখেত কেনেকৈ ঢুকাল, ক’ত ঢুকাল! প্ৰথমে মই এইটো মাত্ৰ এটা খবৰ হিচাপে ল’বলৈ চেষ্টা কৰিলোঁ। কিন্তু, সময় যোৱাৰ লগে লগে মোৰ মনটো গোমা আৰু অশান্তহৈ পৰিল। বাৰে বাৰে পুৰণি কথাবোৰে আমনি কৰিবলৈ ধৰিলে। এইখনিতে উদয়াদিত্য ভৰালী ছাৰৰ বিষয়ে প্ৰকাশ কৰা কিতাপখনত মই লিখা প্ৰবন্ধটোৰ পৰা তলৰ কথাখিনি ইয়াত তুলি দিছোঁ। কিয়নো, এই কথাখিনি ভৰালী ছাৰৰ ক্ষেত্ৰত যিমান প্ৰযোজ্য বি চি ছাৰৰ ক্ষেত্ৰতো সিমানেই প্ৰযোজ্য। হয়তো বিচিৰ ক্ষেত্ৰত অলপ বেছিহে।
* * *
“মই কেতিয়া প্ৰথম বি চিক লগ পাইছিলোঁ এদিন সন্ধিয়া, সন্ধিয়া মানে তেতিয়াও ঠিক এন্ধাৰ হোৱা নাছিল৷ কেৱল দিনৰ পোহৰ নোহোৱা হৈছিল৷ কটন কলেজৰ দুজন ডেকা অধ্যাপক পাণবজাৰৰ মহামায়াৰ সন্মুখত থিয় হৈ আছিল৷ কেনেকৈ থিয় হৈ আছিল? অলসভাৱে নহয়৷ এইমাত্ৰ যেন ক’ৰবাত, কিবা এটা জৰুৰী ঘটনা ঘটিব! ক’ৰবাৰপৰা কোনোবাই কিবা এটা সংবাদ লৈ আহিব! তেওঁলোক দুয়ো যেন তাৰবাবে ৰৈ আছিল৷ দুয়োৰে চকুৱে মুখে এক অস্থিৰ উত্তেজনা! তেতিয়া মই কটন কলেজৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ৷ কটন নিউ হোষ্টেলৰ আবাসী৷ সেইদিনা, সেইখিনি সময়ত মোৰ লগৰ কোনোবা এজনৰ লগত পাণবজাৰৰ ফালে গৈছিলোঁ৷ মহামায়াৰ সন্মুখত তেনেদৰে থিয় হৈ থকা ডেকা অধ্যাপক দুজনৰ এজনৰ গাত আছিল এটা জেকেট আৰু আনজনৰ গাত আছিল এটা ব্লু ব্লেজাৰ৷ জেকেট পিন্ধাজন অলপ চুটি আৰু ব্লেজাৰ পিন্ধাজন অলপ ওখ৷ তেওঁলোক দুজন ৰাস্তাটোৰ সিটো পাৰে আছিল৷ আমি ৰাস্তাটোৰ ইটো পাৰে আছিলোঁ৷ লগৰজনে কৈছিলঃ সেই দুজন যে দেখিছা, তেওঁলোক দুজনেই হ’ল বি চি আৰু ইউ বি, মানে বিশ্বজিৎ চক্ৰবৰ্তী আৰু উদয়াদিত্য ভৰালী৷ সেইদিনাই মই প্ৰথমবাৰৰ বাবে বি চিক দেখিছিলোঁ৷ সেই সময়ত কটন কলেজৰ এই দুজন অধ্যাপক আছিল অগ্নি বৰষা৷ দুজন বিপ্লববাদী, সাম্যবাদী মতাদৰ্শত বিশ্বাসী অধ্যাপক৷ মই ১৯৭৭ৰ পৰা ১৯৮৩লৈ কটনত আছিলোঁ৷ আৰু ১৯৭৯ চনৰ পৰা অসম আন্দোলনৰ বাবে লাহে লাহে কটন কলেজৰ বতাহ গৰমহৈ আহিছিল৷ সেই সময়ত কটন কলেজত এই অধ্যাপক দুজনক কেন্দ্ৰ কৰি চাৰিওফালে এক চেপা উত্তেজনা৷ আচলতে এওঁলোক দুজনে কটনত কৰিছিল কি? এওঁলোক দুজনে কিবা এখন নতুন সমাজ গঢ়াৰ কথা কৈছিল৷ তেওঁলোক দুজনে প্ৰচলিত সকলো ধ্যান-ধাৰণাকে প্ৰত্যাহ্বান জনাইছিল৷ শিক্ষা, সংস্কৃতি, সাহিত্য সকলোতে৷ তেওঁলোকে যিবোৰ নতুন কথা কৈছিল, তাৰ সমুখত পুৰণি কথাবোৰ যেন অকামিলা হৈ পৰিছিল৷ আমি আছিলোঁ গাঁৱৰপৰা অহা অজলা ল’ৰা৷ গাঁৱত যে কেঁচা বতাহ আছিল সেইটো তেতিয়া আমি মন কৰা নাছিলোঁ৷ সেইটো কিবা মন কৰিবলগীয়া বস্তু বুলি ভবাই নাছিলোঁ৷ গাঁৱৰ বোকা-বৰষুণে আমাক আমনিহে কৰিছিল৷ গাঁৱৰ মুকলি, প্ৰাকৃতিক পৰিবেশেও যেন আমাৰ মন মুকলি কৰিব পৰা নাছিল৷ সতালগা বৰষুণৰ দিনত, দিনৰ পিছত দিন ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিলে যেনে লাগে, গাঁৱত আমাৰ মনবোৰো যেন তেনেকৈ আবদ্ধ হৈ আছিল৷ ক’তো কোনো উত্তেজনা নাই! চাৰিওফালে কিবা যেন এক নিশ্চল, গতিহীন পৰিবেশ! তেনে পৰিবেশৰপৰা আহি কটন কলেজত এওঁলোকৰ পৰা এই নতুন কথাবোৰ আমি তন্ময় হৈ শুনিছিলোঁ৷ তেওঁলোকে যেন আমাক কৈছিল- “স্বাগত, স্বাগত সতীৰ্থ! আৰু আমি যেন ভাবিছিলোঁ-“আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ৷” সেইটোৱে আছিল তেতিয়া আমাৰ বাবে কটনৰ পৰিবেশ। তেতিয়া, এটা নতুন সপোন লৈ জীৱনক অভিনৱ অৰ্থ দিবলৈ যেন সুন্দৰ কোঁৱৰবোৰহে আগবাঢ়ি আহিছিল! এওঁলোকৰ ওচৰে-পাঁজৰে থকা ল’ৰা-ছোৱালীবোৰ দেখিবলৈও ধুনীয়া আছিল৷ নতুন কথা, নতুন আশা, নতুন ভাষা৷ ধুনীয়া মানুহ৷ ধুনীয়া ল’ৰা-ছোৱালী! চুম্বকৰ আকৰ্ষণৰ দৰে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ল’ৰা-ছোৱালীবোৰ এওঁলোক দুজনৰ প্ৰতি আকৰ্ষিত হৈছিল৷ আমিও ভাবিছিলোঁ – ইয়ে জীৱন সাৰ্থক কৰাৰ সময়! যেন জীৱনৰ মধুৰতম মুহূৰ্ত আমাৰ সন্মুখত!”
* * *
তাৰ পিছত, পাৰ্টিৰ কামত দুদুলমণি, মই আৰু কিমানজন বি চিৰ লগত ঘনিষ্ঠ হৈ পৰিছিলোঁ। আমি একেলগে কিমান কাম কৰিছিলোঁ। তেতিয়া বিচিৰ ঘৰ আছিল ৰিহাবাৰীত। আজি বিচিৰ দেউতাক আৰু মাকৰ মুখ দুখন মনত পৰিছে। মনত পৰিছে বি চিৰ সাদৰী বৌদীলৈ। বি চিৰ দেউতাক আছিল ছুটি-চাপৰ, সামান্য শকত। চাইকেল চলাই ঘূৰি ফুৰিছিল।মাকৰ ৰঙচুৱা শাৰীৰ আচলত আছিল একোচা ছাবি। ঘৰটোত বঙালী আৰু অসমীয়া সংস্কৃতিৰ এক সানমিহলি পৰিবেশ। ঘৰৰ আগত দীঘলকৈ এখন ফুলনি। তেওঁলোকৰ আহল-বহল এমহলীয়া ঘৰটোত চাৰিটামান ভাগ! প্ৰতিটো ভাগৰে সন্মুখৰ কোঠাটো মানুহ বহা কোঠা, আৰু পিছৰ ফালে একেখন দুৱাৰেৰে সংলগ্ন আৰু দুটা কোঠা। তেতিয়া অসম আন্দোলনৰ সময়। আমি কৰা পাৰ্টিটোৱে অসম আন্দোলন সমৰ্থন কৰা নাছিল। সেয়ে, ৰাজহুৱা সভাৰ বাহিৰে তেতিয়াৰ পাৰ্টিৰ সভা-সমিতিবোৰ প্ৰায়ে অৰ্দ্ধ-গোপনীয় আছিল।কেতিয়াবা কলিকতাৰ পৰা ভাস্কৰদা (নন্দী) আহিছিল আৰু বিচিৰ ঘৰত ঘন্টাৰ পিছত ঘন্টা আমাৰ আলোচনা চলিছিল। বিচিৰ ঘৰৰ মানুহখিনিয়ে বিচিৰ ৰাজনীতি নকৰিলেও বিচিক বৰ সমীহ আৰু সন্মানৰ চকুৰে চাইছিল, কিয়নো ঘৰৰ কাৰণে কৰিবলগা তেওঁৰ ভাগৰ কামখিনি বিচিয়ে কোনোদিন অৱহেলা কৰা নাছিল।চাহৰ কথাই নাই, মাজে মাজে আমি বিচিৰ ঘৰত ভাতো খাইছিলোঁ। তেওঁলোকৰ যৌথ পৰিয়ালটোৰ পাগঘৰটো, ঘৰটোৰ পশ্চিমফালে থকা চালি এখনত আছিল। ৰান্ধনী আছিল এজন নেপালী। তেওঁৰ মুখখনো মই পাহৰি যোৱা নাই। তেওঁলোকৰ ঘৰৰ খোৱা-লোৱাৰ ব্যৱস্থাটো একেবাৰে কমিউনৰ দৰে আছিল। এবাৰ কি হ’ল, ক’ৰবাৰ পৰা এদিন নিশা মই আৰু কোনোবা এজন সহকৰ্মী গৈ বিচিৰ ঘৰত ওলালোঁ। সময়টো এনে আছিল যে সেইদিনা আমি তেওঁৰ ঘৰতে থাকিব লাগিব। বিচিয়ে বিয়া কৰাইছে মাত্ৰ। তেওঁ এমহলীয়া ঘৰটোৰ ওপৰত, পশ্চিমৰ ফালে নিজৰ কাৰণে দুটা কোঠা নতুনকৈ সাজি লৈছিল। মই আৰু মোৰ বন্ধুক তাতে থাকিবলৈ দিলে। গৰমৰ দিন আছিল। কোঠাত সোমোৱাৰ পিছতে গাৰ ওপৰৰ ফালে পিন্ধা সকলো কাপোৰ আমি খুলি পেলালোঁ, গেঞ্জী পৰ্যন্ত। তেনেতে বিচি সোমাই আহিল। এহ, বেলেগৰ ঘৰত এনেকৈ উদং গাই থাকিব নাপায় নহয়। বিচিয়ে পদে পদে আমাক শিকাইছিল। আমি আছিলোঁ গাঁৱলীয়া, চহৰৰ আব-ভাব ভালকৈ ধৰিবই পৰা নাছিলোঁ। বিচিয়ে আমাক অৱজ্ঞা কৰা নাছিল। শিকাই-বুজাই গঢ়িছিলহে। বিচিৰ কামবোৰ, কেৱল কাম নাছিল, তাত বিচিয়ে এনেকৈ নিজকে সমৰ্পণ কৰিছিল আৰু সকলোতে বিচিৰ এটা উচ্ছাস আছিল। বিয়া নকৰায়, বিয়া নকৰায়, যেই কৰালে নিজৰ মানুহ গৰাকীৰ বিষয়ে তেওঁৰ কি ৰোমান্টিক কথা-বতৰা। বিয়াৰ ঠিক পিছতে স্কুটাৰ লৈ তেওঁ বাইদেউৰ লগত চিলঙলৈ ফুৰিবলৈ গৈছিল। বাইদেউৰ চুলিখিনি ধুনীয়া, দীঘল আছিল। স্কুটাৰৰে তেওঁলোক পাহাৰত উঠিছে আৰু বাইদেউৰ চুলিখিনি পিছলৈ উৰি গৈছে। চিলঙৰ পৰা আহি বিচিয়ে তাৰ কি কাব্যিক বৰ্ণনা দিছিল। মোৰ সম্পৰ্কেও বিচিয়ে এবাৰ কৈছিলঃ “Paresh is like soldier”, সৈনিকক এতিয়া মানুহে ভাল বুলিয়ে কয় নে ভেল বুলিয়ে কয়!
কি আছিল সেই সময়! অসমত নাইট চুপাৰ সেৱা আৰম্ভ হৈছেহে মাত্ৰ! উজনিৰ ‘কমৰেড’ সকল দোকমোকালিতে আহি হাফিচ নগৰৰ গেলাৰ মাজত থকা পাৰ্টি অফিচত উঠেহি। ঠাণ্ডাৰ দিনত প্ৰায়ে তেওঁলোকৰ গাত নগা চল একোখন। তেওঁলোকে যেন উজনিৰ পৰা আমালৈ চীনদেশ হৈ অহা বিপ্লৱৰ সংবাদহে লৈ আহে! তেতিয়া এই নৈশ বাছবোৰকলৈ গধূলি পল্টন বজাৰৰ বাচষ্টেণ্ডটোৰ আশে-পাশে যেন এক উৎসৱ মুখৰ পৰিবেশ! অ’ হাফিচ নগৰলৈ যোৱা গলিটোৰ সন্মুখতে ‘সমলয়’ নামেৰে এটা ক্লাব আছিল। তাত মাজে মাজে আমি মিটিং কৰিছিলোঁ। তাতে, এদিন ভাস্কৰদাই জাতি/বৰ্ণৰ(caste) বিষয়ে এটা বক্তৃতা দিছিল।পাৰ্টিৰ মানুহবোৰৰ আগত বক্তৃতা দিওঁতেও তেওঁ কলেজ/বিশ্ববিদ্যালয়ত বক্তৃতা দিয়াৰ দৰে আৰম্ভ কৰিছিল- ‘caste!’
তেনেকৈয়ে, মই/ আমি কলেজ/বিশ্ববিদ্যালয়ৰ শিক্ষা বৰ্বাদ কৰি পাৰ্টি কৰিছিলোঁ। কিন্তু, অবাস্তৱ সপোনবোৰৰ পিছে পিছে দৌৰি এসময়ত আমি ভাগৰি পৰিছিলোঁ। পাৰ্টি বাদ দিছিলোঁ।পাৰ্টি বাদ দিলেও আমি সামাজিক কাম কেতিয়াও বাদ দিয়া নাছিলোঁ। এতিয়াও দিয়া নাই।পাৰ্টি বাদ দিয়াৰ পিছত, বিচিৰ লগত মোৰ সম্পৰ্কও কমি আহিছিল। কিন্তু, তেখেতৰ প্ৰতি আদৰ, সন্মান অকণো কমা নাছিল। আমাৰ পিছতো কিমান ল’ৰা-ছোৱালী পাৰ্টিলৈ আহিছিল। শান্তনুহঁতক হেনো বিচিয়ে বিপ্লৱটো ভূটানৰ পাদদেশেৰে অসমত সোমাব বুলি কৈছিল! এসময়ত শান্তনুহঁতেও পাৰ্টি বাদ দিছিল।শেষলৈ বিচিও পাৰ্টিৰ পৰা ওলাই আহিছিল।কিন্তু, বিচিয়ে কেতিয়াও তেওঁৰ সামাজিক সত্ত্বা বিসৰ্জন দিয়া নাছিল। বিচি আছিল এক অদমনীয় প্ৰেৰণা আৰু সততাৰ প্ৰতীক।পাৰ্টিৰ পৰা ওলোৱাৰ পিছতো তেখেত ক’ত কিমান সামাজিক কামত জড়িতহৈ আছিল। তেখেতে সদায় একোটা নতুন সপোনৰ পিছে পিছে দৌৰি ফুৰিছিল। আৰু যি কৰিছিল তাক আন্তৰিকতা আৰু একাগ্ৰতাৰে কৰিছিল। সেইদিনা ৰেডক্ৰছৰ সভাখনত লগ পাওঁতেও তেখেতৰ কি উৎসাহ! কিমান কি পৰিকল্পনা! মই কিবা এখন কিতাপৰ কথা কওঁতে তেখেতে কৈছিল। ‘নাই, মই কিতাপ নপঢ়োঁ। কোনো কিতাপেই পূৰ্ণাংগ নহয়’।হস্তীদণ্ড মিনাৰৰ বৌদ্ধিকতাত বিচিৰ সমূলি আস্থা আৰু বিশ্বাস নাছিল। ওৰেটো জীৱন সমাজৰ বাবে বাজি মাৰি বিচি আমাৰ মাজৰ পৰা গুচি গ’ল! হে জীৱন, হে আশা, হে সপোন, হে কাৰুণ্য!