চেম্পিয়নছ লীগৰ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ। কমেও ২ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহতসকলৰ সংখ্যাই ২০০ অতিক্ৰম কৰিছে। ফ্ৰান্সৰ ৰাজধানীত গ্ৰেপ্তাৰ হৈছে কমেও ৫৫০ জন লোক। এনে উন্মাদ উদযাপনৰ বাবে চিন্তিত ফ্ৰান্সৰ গৃহমন্ত্ৰী ব্ৰুনো ৰেটালি।
শনিবাৰে মিউনিখত ইণ্টাৰ মিলানক ৫-০ গ’লত পৰাস্ত কৰি পেৰিছ চেণ্ট জাৰ্মেইনে প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লীগ জয়ী হয়। সেই মেচখন পেৰিছৰ দুটা ষ্টেডিয়ামত পোনপটীয়াকৈ সম্প্ৰচাৰিত হৈছিল। খেলখন চাবলৈ কমেও ৫০ হাজাৰ পিএছজি অনুৰাগী তালৈ গৈছিল। এই দুয়োখন ষ্টেডিয়ামৰ বাহিৰত ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল খেলখনৰ পাছত অশান্তিৰ সম্ভাৱনাৰ বাবে। কিন্তু মেচ শেষ হোৱাৰ পিছত উদযাপনত ডুব যোৱা ৰাইজ আৰক্ষী বাহিনীৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গেছ নিক্ষেপ কৰে। কিন্তু, নিয়ন্ত্ৰণলৈ অহা নাছিল। উদযাপনৰ নামত বহু বাহনত অগ্নিসংযোগ কৰা হয়। বাছ ষ্টেণ্ডৰ দৰে বহু চৰকাৰী কাঠামো জ্বলই দিয়াৰ লগতে। আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰে। মুঠতে নিশাৰ ভিতৰতে এশৰো অধিক ঠাইত অগ্নিকাণ্ড সংঘটিত হয়।ট্ৰফী জয়ৰ উদযাপনৰ সময়ত এনে হিংসাৰ ছবি দেখি ফ্ৰান্সৰ গৃহমন্ত্ৰীগৰাকীয়ে কয়, “পিএছজিৰ প্ৰকৃত অনুৰাগীয়ে দলটোৰ জয়ৰ উদযাপন কৰিছে। কিন্তু পেৰিছৰ ৰাজপথ বৰ্বৰ লোকে দখল কৰিছে। তেওঁলোকে ইটোৰ পিছত সিটোকৈ অন্যায় কৰি প্ৰশাসনক উচটনি দিছে।” পিএছজিৰ তাৰকাসকলে অনুৰাগীসকলক শান্ত হৈ থাকিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল। জদিও বিফল হয় সেই প্ৰচেষ্টাও।