এইবাৰ লুকাই-চুৰকৈ পৰ্ণ ছাইট চোৱাতো নাকী লগাব কেন্দ্ৰই; VPN নিষিদ্ধ হোৱাৰ পথত!

images

প্ৰতিনিধিত্বমূলক ফটো।

ভাৰ্ছুৱেল প্ৰাইভেট নেটৱৰ্ক অৰ্থাৎ ভিপিএন (VPN) এনে এটা ইন্টাৰনেট পৰিসেৱা যিটো ব্যৱহাৰ কৰি আপুনি কোন কোন ছাইটত ছাৰ্পিং কৰিলে বা ক’ৰ পৰা কি ডাউনলোড কৰিলে আদি তথ্য গোপনে ৰাখিব পাৰি।

ইয়াৰ সুবিধাটো হৈছে নিজৰ পৰিচয় গোপনে ৰখা। সেয়ে, সাধাৰণ য়ুজাৰেই নহয়, ডাঙৰ ডাঙৰ ব্যৱসায়ী তথা আন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ লোকো ইয়াৰ অনুৰাগী।

কিন্তু এই ভিপিএন এইবাৰ নিষিদ্ধ হোৱাৰ পথত। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই নেটৱৰ্ক নিষিদ্ধ কৰাৰ আহ্বান জনাইছে গৃহ মন্ত্ৰ্যালয়ৰ সংসদীয় স্থায়ী সমিতিয়ে।

দৰাচলতে এই নেটৱৰ্ক নিষিদ্ধ কৰিব বিচৰাৰ কাৰণ কি? এই ভিপিএন ব্যৱহাৰ চলি থাকিলে সেয়া দেশৰ বাবে বিপজ্জনক বুলি ধাৰণা কৰা হৈছে। সংসদীয় কমিটিয়ে দাবী কৰা মতে চাইবাৰ অপৰাধীসকলে ইয়াৰ সুযোগ লৈ নতুন নতুন ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। যিহেতু দেশত এই পৰিসেৱা সহজেই উপলব্ধ গতিকে তাক শীঘ্ৰেই নিষিদ্ধ কৰা প্ৰয়োজন।

সাধাৰম য়ুজাৰৰ বাহিৰেও বৃহৎ সংস্থাসমূহে এই পৰিসেৱাৰ সুবিধা গ্ৰহণ কৰে। ইয়াৰ উপৰি বহুতেই নিষিদ্ধ ছাইটত সোমাবলৈ ভিপিএন ব্যৱহাৰ কৰে। কিয়নো ই গোপনীয়তা ৰখাৰ সুযোগ দিয়ে। অৱশ্যে ই হেকাৰসকলৰ পৰা সুৰক্ষাও দিয়ে। সেয়ে, এই ভিপিএন বন্ধ হ’লে হেকাৰসকলৰ পৰা ইন্টাৰনেট সেৱা কেনেদৰে সুৰক্ষিত কৰা হয় সেয়া লক্ষ্যণীয়।

এতিয়া কথা হ’ল সঁচাকৈয়ে এই ভিপিএন পৰিসেৱা নিষিদ্ধ হ’ব নেকি? চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অৱশ্যে এই বিষয় কেন্দ্ৰীয় চৰকাৰে আগন্তুক দিন নিজৰ স্থিতি স্পষ্ট কৰিব বুলি আশা কৰা হৈছে।