• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিচাৰি দিয়ক এটা নিৰুদ্দিষ্ট ভাটৌ, লাভ কৰক ১০ হাজাৰ টকাৰ পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 11:14 am
Parrot Goes Missing
1.2k
VIEWS
Share on FacebookShare on Twitter

এটা পোহনীয়া ভাটৌ। বিগত কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছে ভাটৌটো। আৰু মৰমৰ এই ভাটৌটো বিটাৰি হাবাথুৰি খাইছে গৰাকী। ভাটৌটোৰ সন্ধান উলিওৱাৰ মানসেৰে তেওঁ দেৱালে দেৱালে পোষ্টাৰো লগাইছে, সন্ধান দিওঁতালৈ ঘোষণা কৰিছে পুৰস্কাৰ।

পশুপ্ৰেমৰ এই অনন্য নিদৰ্শন দাঙি ধৰিছে মধ্য প্ৰদেশৰ এগৰাকী যুৱকে। নাম তেওঁৰ দীপক চোনী। মধ্যপ্ৰদেশৰ দামোহৰ এই যুৱকগৰাকীয়ে পোহনীয়া ভাটৌটো নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা একপ্ৰকাৰ অস্থিৰ হৈ পৰিছে। ভাটৌটো পুনৰুদ্ধাৰৰ বাবে উন্মাদ হৈ পৰিছে দীপক।

ভাটৌটোৰ সন্ধান লাভৰ বাবে দীপক চোনীয়ে সমগ্ৰ চহৰত পোষ্টাৰ লগাইছে। ভাটৌটোৰ সন্ধান দিওঁতালৈ ১০,০০০ টকা নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে।

কেৱল সিমানেই নহয়, নিৰুদ্দেশ হোৱা চৰাইটোক বিচাৰি উলিওৱাৰ অভিযানত সহায়ৰ আশা কৰি সমগ্ৰ চহৰখনতে এই বিষয়ে ঘোষণা কৰিবলৈ অটোৰিক্সা চালককো ধন দিছে দীপকে।

দীপকে জানিবলৈ দিয়া মতে, গোটেই পৰিয়ালটোৰে অত্যন্ত প্ৰিয় ভাটৌটোক তেওঁৰ দেউতাকে বাহিৰলৈ উলিয়াই নিয়াৰ সময়তে উৰি গৈছিল আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে। ভাটৌটো ভালদৰে উৰিব পৰা হোৱা নাই বাবে দীপক অধিক চিন্তিত হৈ পৰিছে।

তেওঁ লগতে কয় যে যোৱা সপ্তাহতো ভাটৌটো উৰি গৈছিল যদিও পিছত নিজেই পুনৰ ঘৰলৈ ঘূৰি আহিছিল। কিন্তু এইবাৰ উৰি যোৱাৰ পিছৰে পৰা দেখা পোৱা নাই ভাটৌটোক। দুবছৰ ধৰি চোনীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছিল এই ভাটৌটোৱে।

চৰাইটোৰ সন্ধান নাপাই বিচলিত হৈ পৰা দীপক চোনীৰ এগৰাকী বন্ধুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে সন্ধান দিওঁতালৈ আগবঢ়োৱা পুৰস্কাৰৰ কথা। ভাটৌটোৰ সন্ধান পালেই তেওঁলোকে উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে।

ঘোষিত এই ১০,০০০ টকা নগদ ধনৰ পুৰস্কাৰৰ উপৰিও দীপকে অধিক ধন দিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে। মাত্ৰ তেওঁ পোহনীয়া এই মৰমৰ চৰাইটো ঘূৰাই বিচাৰে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd