NORTHEAST NOW (Assamese)

বিচাৰি দিয়ক এটা নিৰুদ্দিষ্ট ভাটৌ, লাভ কৰক ১০ হাজাৰ টকাৰ পুৰস্কাৰ

August 3, 2023 11:14 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 3, 2023 11:16 am

এটা পোহনীয়া ভাটৌ। বিগত কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছে ভাটৌটো। আৰু মৰমৰ এই ভাটৌটো বিটাৰি হাবাথুৰি খাইছে গৰাকী। ভাটৌটোৰ সন্ধান উলিওৱাৰ মানসেৰে তেওঁ দেৱালে দেৱালে পোষ্টাৰো লগাইছে, সন্ধান দিওঁতালৈ ঘোষণা কৰিছে পুৰস্কাৰ।

পশুপ্ৰেমৰ এই অনন্য নিদৰ্শন দাঙি ধৰিছে মধ্য প্ৰদেশৰ এগৰাকী যুৱকে। নাম তেওঁৰ দীপক চোনী। মধ্যপ্ৰদেশৰ দামোহৰ এই যুৱকগৰাকীয়ে পোহনীয়া ভাটৌটো নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা একপ্ৰকাৰ অস্থিৰ হৈ পৰিছে। ভাটৌটো পুনৰুদ্ধাৰৰ বাবে উন্মাদ হৈ পৰিছে দীপক।

ভাটৌটোৰ সন্ধান লাভৰ বাবে দীপক চোনীয়ে সমগ্ৰ চহৰত পোষ্টাৰ লগাইছে। ভাটৌটোৰ সন্ধান দিওঁতালৈ ১০,০০০ টকা নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে।

কেৱল সিমানেই নহয়, নিৰুদ্দেশ হোৱা চৰাইটোক বিচাৰি উলিওৱাৰ অভিযানত সহায়ৰ আশা কৰি সমগ্ৰ চহৰখনতে এই বিষয়ে ঘোষণা কৰিবলৈ অটোৰিক্সা চালককো ধন দিছে দীপকে।

দীপকে জানিবলৈ দিয়া মতে, গোটেই পৰিয়ালটোৰে অত্যন্ত প্ৰিয় ভাটৌটোক তেওঁৰ দেউতাকে বাহিৰলৈ উলিয়াই নিয়াৰ সময়তে উৰি গৈছিল আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে। ভাটৌটো ভালদৰে উৰিব পৰা হোৱা নাই বাবে দীপক অধিক চিন্তিত হৈ পৰিছে।

তেওঁ লগতে কয় যে যোৱা সপ্তাহতো ভাটৌটো উৰি গৈছিল যদিও পিছত নিজেই পুনৰ ঘৰলৈ ঘূৰি আহিছিল। কিন্তু এইবাৰ উৰি যোৱাৰ পিছৰে পৰা দেখা পোৱা নাই ভাটৌটোক। দুবছৰ ধৰি চোনীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছিল এই ভাটৌটোৱে।

চৰাইটোৰ সন্ধান নাপাই বিচলিত হৈ পৰা দীপক চোনীৰ এগৰাকী বন্ধুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে সন্ধান দিওঁতালৈ আগবঢ়োৱা পুৰস্কাৰৰ কথা। ভাটৌটোৰ সন্ধান পালেই তেওঁলোকে উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে।

ঘোষিত এই ১০,০০০ টকা নগদ ধনৰ পুৰস্কাৰৰ উপৰিও দীপকে অধিক ধন দিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে। মাত্ৰ তেওঁ পোহনীয়া এই মৰমৰ চৰাইটো ঘূৰাই বিচাৰে।

Related News