Solar Eclipse: আজি খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ; দেশৰ কোন চহৰত কিমান সময় দেখা যাব গ্ৰহণ?

Partial solar eclipse to be visible আজি ২৫ অক্টোবৰত এই বছৰৰ শেষ সূৰ্যগ্ৰহণ দেখা যাব। এই আংশিক সূৰ্যগ্ৰহণ পৃথিৱীৰ আন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাও দৃশ্যমান হ’ব। ৰাজধানী দিল্লীত দুপৰীয়া ২:২৮ বজাত গ্ৰহণ আৰম্ভ হ’ব। সূৰ্যগ্ৰহণ দিল্লীৰ পৰা ১ ঘণ্টা ১৩ মিনিটৰ বাবে দৃশ্যমান হ’ব।

আনহাতে, মুম্বাইৰ পৰা ১ ঘণ্টা ১৯ মিনিটৰ বাবে সূৰ্যগ্ৰহণ দেখা যাব। চেন্নাইৰ পৰা ৩১ মিনিট ১২ ছেকেণ্ডৰ বাবে দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ। গুৱাহাটীত আজি সূৰ্যগ্ৰহণ দেখা নাযাব।

সেইদৰে, আন্দামান আৰু নিকোবৰ, আইজল, ডিব্ৰুগড়, ইম্ফল, ইটানগৰ, কোহিমা, শিৱসাগৰ, শিলচৰ আৰু তামেলাঙৰ পৰা গ্ৰহণ দেখা নাযাব।

শ্ৰীনগৰত সূৰ্যগ্ৰহণ আবেলি ৪.১৪ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.২০বজাত সমাপ্ত হ’ব। ভূৱনেশ্বৰত আবেলি ৪:৫৬ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.১৬ বজাত সমাপ্ত হ’ব। ভূপালত আবেলি ৪:৪২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.৪৭ বজাত সমাপ্ত হ’ব।

সেইদৰে, বেংগালুৰুত সন্ধিয়া ৫.১২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.৪৭ বজাত সমাপ্ত হ’ব। পুৰীত আবেলি ৪:৫৭ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৫.১৭ বজাত সমাপ্ত হ’ব। জয়পুৰত আবেলি ৪:৩২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু গ্ৰহণ সন্ধিয়া ৫:৫০ বজাত সমাপ্ত হ’ব।

লগতে পঢ়ক: চুনাক ব্ৰিটেইনৰ মচনদত বহাৰ সময়তে নেটিজেনৰ দাবী-‘ঘুৰাই দিয়ক কহিনুৰ, মোদী, মালিয়াক’!

সাধাৰণভাৱে জনা যায় যে সূৰ্যগ্ৰহণে আমাৰ জীৱনত প্ৰভাৱ পেলায়। এইটো বিশ্বাস কৰা হয় যে সূৰ্যগ্ৰহণে আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলায়। বিশেষকৈ যদি আপুনি খালি চকুৰে সূৰ্যগ্ৰহণ চায়, ই চকুৰ ৰেটিনা ক্ষতিগ্ৰস্ত কৰে। ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে গ্ৰহণ চোৱাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

আনহাতে, বহুতেই ভাবে যে সূৰ্যগ্ৰহণৰ ফলত মানুহে অতি ভাগৰুৱা আৰু অলস অনুভৱ কৰে। সূৰ্যগ্ৰহণে মস্তিষ্কক প্ৰভাৱিত কৰে।

লগতে পঢ়ক: ম্যানমাৰত কাচিন বিদ্ৰোহীৰ ওপৰত চলোৱা বিমান আক্ৰমণত নিহত ৫০ জন

অৱশ্যে গ্ৰহণৰ শেষত সমস্যাটো আঁতৰি যায় বুলিও বিশ্বাস কৰা হয় যে। বহুৰ মতে সূৰ্যগ্ৰহণৰ সময়ত কিবা খালে বা পান কৰিলে হজমৰ সমস্যা হয়। সেয়েহে গ্ৰহণৰ  সময়ত একো খাব নালাগে।