NORTHEAST NOW (Assamese)

ৰাজস্থানত প্ৰকৃতিৰ তাণ্ডৱ: বৰষুণ-বানৰ প্ৰকোপত ১৩ গৰাকীৰ মৃত্যু

May 27, 2023 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰকৃতিৰ ৰোষত পৰিছে ৰাজস্থান। অকস্মাতে হোৱা প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহা-বতাহে বুৰাই পেলাইছে ৰাজ্যখনৰ কিছু অংশ। এই তাণ্ডৱে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ ফাতেহপুৰ চহৰ আৰু শেখাৱতী অঞ্চলৰ।

প্ৰকৃতিৰ এনে ভয়াৱহ ৰূপত ফলশ্ৰুতিত ৰাজস্থানত এতিয়ালৈকে ১৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্যোগ সাহায্য আৰু পৰিচালনা বিভাগে সদৰী কৰা মতে, বিগত দুদিনত হোৱা বৰষুণ আৰু তাৰ পৰিণতিত হোৱা বানপানীৰ ফলত এই লোকসকলৰ মৃত্যু ঘটিছে।

বানপানীৰ ফলত বানপীড়িত অঞ্চলসমূহত বহু বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনৰো মৃত্যু ঘটিছে। বাঢ়নী পানীয়ে উটুৱাই নিছে বহু ব্যক্তিগত বাহন। ইফালে সময়মতে সাহায্য লাভ নকৰাৰ ফলত ক্ষোভিত হৈ পৰা কৃষকসকলে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু অঞ্চলত।

প্ৰকাশিত খবৰ অনুসৰি বিগত চাৰিদিন ধৰি অবিৰতভাৱে হৈ থকাৰ ফলত ফাতেহপুৰ চহৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীৰ লগতে তীব্ৰ বতাহৰ পৰিণতিত চহৰখনত বিদ্যুৎ সেৱা প্ৰায় বিচ্ছিন্ন হৈ পৰিছে।

ইফালে বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰলৈকে ধাৰাসাৰ বৰষুণ, বতাহ আৰু শিলাবৃষ্টি হ’ব পাৰে বুলি সকীয়াই দিছে। বতাহৰ গতিবেগ ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি বতৰ বিজ্ঞান কাৰ্যালয়ে আশংকা প্ৰকাশ কৰিছে।

Related News