শ্ৰীমন্ত শংকৰদেৱ, নামঘৰক লৈ দৰঙৰ আদালতত কি ক’লে পতঞ্জলিৰ যোগগুৰু বৰালে?

satinath baral patanjali

দৰং আৰক্ষীৰ কব্জাত সতীনাথ বৰাল। ছবি- নৰ্থ ইষ্ট নাও।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে অসমৰ বৈষ্ণৱ সমাজৰ ধৰ্ম চৰ্চা, ৰীতি-নীতি সন্দৰ্ভত পতঞ্জলিৰ যোগগুৰু সতীনাথ বৰালে কৰা মন্তব্য আছিল অজ্ঞতাজনিত।

অজ্ঞতা স্বীকাৰ কৰি নিজৰ অসম-জ্বলোৱা মন্তব্যৰ বাবে দৰঙৰ জিলা আদালতত বৃ্হস্পতিবাৰে ক্ষমা প্ৰাৰ্থনা কৰিছে পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ বাসিন্দা যোগগুৰু বৰালে।

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে নৰ্থ ইষ্ট নাও-ত এই কথা সদৰী কৰি জনাই যে যোগগুৰুগৰাকীক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

“আৰক্ষীৰ জিম্মাত আমি তেওঁক বিচৰা নাছিলো। তেওঁ আদালতত ক্ষমা প্ৰাৰ্থনা কৰিছে। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে,” জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে।

আৰক্ষী বিষয়াজনে লগতে জনাই যে পৰৱৰ্তী সময়্ত প্ৰয়োজনসাপেক্ষে বৰালক আৰক্ষীয়ে জিম্মাত বিচাৰিব।

লগতে পঢ়ক– ক’লকাতাত অসম আৰক্ষীৰ কব্জাত পতঞ্জলিৰ যোগ প্ৰশিক্ষক বৰাল

যোগগুৰুগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে দৰং সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১০৯/ ১৫৩ (এ’)/ ২৯৫ (এ’)/ ২৯৮ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰ (৭২০/২০১৮)ত বৰালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এই গোচৰটোৰ উপৰি দৰং সদৰ থানাত যোগগুৰুগৰাকীৰ বিৰুদ্ধে আৰু ৩টা গোচৰো ৰুজু হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

যোগ শিবিৰটোৰ আয়োজক প্ৰহ্লাদ দাস নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে।

লগতে পঢ়ক– শংকৰদেৱ আৰু অসমীয়া জাতিক লৈ উপলুঙা পতঞ্জলিৰ যোগ নিৰীক্ষকৰ

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে বৃ্হস্পতিবাৰে পুৱা ক’লকাতাৰ হাওৰাৰ পৰা বৰালক দৰং আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰাৰ পিছত বিমানেৰে অসমলৈ আনি তেওঁক আদালতত হাজিৰ কৰোৱা হয়।

পতঞ্জলিৰ ফালৰ পৰা আৰক্ষীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে বুলিও সদৰী কৰিছে টিয়ে।

জিলাখনৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত যোৱা ২৫ৰ পৰা ২৯ ছেপ্তেম্বৰলৈকে আয়োজিত এক যোগ শিবিৰত বৰালে কৰা মন্তব্যই অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বৰালৰ বিতৰ্কিত মন্তব্যৰ পিছতে অসমজুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰ সমাজ, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ কৰিছিল।

বৰালৰ বিৰুদ্ধে দৰং আৰু গুৱাহাটীৰ দিচপুৰ থানাৰ লগতে অসমৰ আন কেইবাঠাইতো কেইবাটাও গোচৰ ৰুজু হৈছিল।