মৰিগাঁৱত ডকাইতি কৰা পাঁচজনীয়া আৰক্ষী দলৰ তিনিজনক চাকৰিৰ পৰা নিলম্বন

Assam-police-1140x570-1024x512

অসম আৰক্ষীক কলংকৃত কৰি মৰিগাঁৱত পাঁচ জনকৈ আৰক্ষীৰ জোৱানে দুজন ব্যৱসায়ীৰ পৰা তালাচীৰ নামত লুটি নিলে প্ৰায় ৩.৮৯ লাখ টকা।

সম্প্ৰতি মৰিগাঁও প্ৰশাসনে ডকাইতৰূপী পাঁচজনীয়া আৰক্ষীৰ দলটো আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন আৰক্ষী জোৱান কেইজন হ’ল ক্ৰমে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ দুলাল পাতৰ (ডি এফ অ), দেৱজিৎ ভূঞা আৰু ঋতুৰাজ শইকীয়া (১১ নং বেটেলিয়ন জোৱান ), কমল ডেকাৰজা (গাড়ী চালক) আৰু বিশ্বজিত দাস (কনিষ্টবল)।

আটকাধীন আৰক্ষী জোৱান কেইজনৰ ভিতৰত ডি এফ অ’ দুলাল পাতৰক অপসাৰণ কৰাৰ লগতে গৃহৰক্ষী জোৱান ক্ৰমে কমল ডেকাৰজা আৰু বিশ্বজিত দাসক মৰিগাঁও প্ৰশাসনে বৰ্খাস্ত কৰিছে।

জানিব পৰা মতে শুকুৰবাৰে অৰ্থাৎ ১৩ ছেপ্তেম্বৰৰ সন্ধিয়া আলটাফ হুছেইন আৰু কালিমুদ্দিন নামৰ দুজন ব্যৱসায়ী মেঘালয়ৰ পৰা যোৰাবাটলৈ এজন ব্যক্তিৰ পৰা গাড়ী কিনিবলৈ বুলি আহিছিল।

আলটাফ হুছেইন কৰিমগঞ্জৰ বদৰপুৰৰ আৰু কালিমুদ্দিন হোজাই জিলাৰ মোৰঝাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁলোকে গাড়ী কিনিবৰ বাবে আহিছিল যদিও গাড়ী কিনা নোহোৱাত দুয়োজন হোজাইৰ মোৰঝাৰলৈ বুলি গৈছিল।

সেই সময়তে মৰিগাঁও জিলা আৰ৭ঈ ধৰমতুল থানাৰ তালাচী চকীত এটা আৰক্ষীৰ দলে ৰ’বলৈ নিৰ্দেশ দিছিল। কিন্তু দুই ব্যক্তিয়ে গাড়ী নৰখোৱাত আৰক্ষীৰ দলটোৱে তেওঁলোকক খেদি গৈ কৰায়ত্ত কৰে।

আৰক্ষীৰ দলটোৱে কৰায়ত্ত কৰাৰ পিছত দুয়োজনকে মাৰধৰ কৰাৰ লগতে গাড়ী কিনিবলৈ বুলি লগত লৈ অহা ৩.৮৯ হাজাৰ টকা আৰক্ষীৰ দলটোৱে কাঢ়ি লয়।  পিছত আৰক্ষীয়ে প্ৰায় ২ হাজাৰ মান টকা দুয়োজন ব্যৱসায়ীকে দি ঘটনাস্থলীৰ পৰা যাবলৈ দিয়ে।

আৰক্ষীৰ পাঁচজনীয়া দলটোৱে ব্যৱসায়ী দুজনৰ পৰা কাঢ়ি লোৱা টকাখিনি নিজৰ মাজত ভাগ কৰি লয়। ইফালে ঘটনা সন্দৰ্ভত মৰিগাঁৱৰ উচ্চ বৰ্গৰ আৰক্ষী বিষয়াই জানিব পাৰি তাৎক্ষণিকভাৱে তদন্ত চলায়। আৰু আটাইকেইজনকে আটক কৰাৰ লগতে টকাখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।