NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধী মন্তব্য! দিল্লী বিমানবন্দৰত কংগ্ৰেছ নেতা পৱণ খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

February 23, 2023 2:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 23, 2023 2:32 pm

অসম আৰক্ষীয়ে কংগ্ৰেছ নেতা পৱন খেৰাক বৃহস্পতিবাৰে ২৩ ফেব্ৰুৱাৰী দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। কংগ্ৰেছ দলে দলীয় টুইটাৰ হেণ্ডলত এই কথা সদৰী কৰি কয় যে কংগ্ৰেছ নেতাজনক দিল্লী বিনানবন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কংগ্ৰেছ নেতাজনে শুকুৰবাৰৰ পৰা ৰায়পুৰত আৰম্ভ হ’বলগীয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে দিল্লীৰ বিমান বন্দৰত আৱদ্ধ কৰি ৰখা হয়। কংগ্ৰেছ নেতাগৰাকীয়ে যাত্ৰা কৰিবলগীয়া ইণ্ডিগো এয়াৰলাইন্সৰ বিমানখনৰ যাত্ৰাও বাতিল কৰা হৈছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে এক টুইট কৰিছে। সুপ্ৰিয়া শ্ৰীনাটে টুইটাৰত লিখিছে, “আমি সকলোৱে ৰায়পুৰলৈ যোৱা ইণ্ডিগ’ৰ ৬ ই ২০৪ বিমানত আছিলো আৰু হঠাতে মোৰ সহকৰ্মী পৱন খেৰাক ডিব’ৰ্ড কৰিবলৈ কোৱা হয়। এয়া কেনে স্বেচ্ছাচাৰী শাসন? ইয়াত আইনৰ শাসন আছে নে? কি ভিত্তিত আৰু কাৰ নিৰ্দেশত এই কাম কৰা হৈছে?”

আনহাতে, সমগ্ৰ ঘটনাৰ তথ্য দি কংগ্ৰেছে টুইট কৰি কয়, “সকলোৱে বিমানত উঠিছিল, একে সময়তে আমাৰ নেতা পৱন খেৰাক বিমানৰ পৰা নামিবলৈ কোৱা হৈছিল। এয়া একনায়কত্ববাদী মনোভাৱ। একনায়কত্ববাদীয়ে অধিৱেশনৰ আগতেই ইডিয়ে অভিযান চলাইছিল আৰু এতিয়া এই ধৰণৰ কাম কৰিবলৈ লাগিছে।”

 

 

ইফালে ইণ্ডিগ’ বিমানখন বাতিল কৰাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাক অসম আৰক্ষীয়ে ৰখাবলৈ অনুৰোধ কৰাৰ বাবে দিল্লী বিমানবন্দৰত বিমানত উঠিবলৈ বাধা দিয়া হৈছিল।

পৱন খেৰাক বিমানৰ পৰা নমাই দিয়াৰ সময়ত তেওঁৰ সৈতে কংগ্ৰেছ নেতা ৰনদীপ সুৰজেৱালা, কে চি ভেনুগোপালৰ লগতে বহু কংগ্ৰেছ নেতা উপস্থিত আছিল। অভিযোগ অনুসৰি এই সময়ছোৱাত তেওঁক জিম্মাত লোৱাৰ চেষ্টাও কৰা হৈছিল।

কংগ্ৰেছ নেতা পৱন খেৰাই কয়, “মোক কোৱা হৈছিল যে তেওঁলোকে মোৰ সামগ্ৰীসমূহ চাব বিচাৰে। মই কলো মোৰ হাতত হেণ্ডবেগ এটাৰ বাহিৰে একো নাই। বিমানৰ পৰা নামি আহি মোক কোৱা হ’ল যে মই যাব নোৱাৰো আৰু ডিচিপি আহিব। মোক কিয় ৰখাইছে নাজানো।”

ইফালে অসম আৰক্ষীৰ IGP L&O প্ৰশান্ত কুমাৰ ভূঞাই কয়, “অসমৰ ডিমা হাছাও জিলাৰ হাফলং থানাত কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ সৈতে জড়িত পৱন খেৰাৰ ৰিমাণ্ডত ল’বলৈ দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল।”

প্ৰশান্ত কুমাৰ ভূঞাই এএনআইক লগতে কয়, “আমি দিল্লী আৰক্ষীক পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো। স্থানীয় আদালতৰ অনুমতি লৈ আমি তেওঁলোকক অসমলৈ লৈ আহিম।”

পৱণ খেৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিবাদত মুখৰ হৈ পৰিছে কংগ্ৰেছ দল। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে কয় যে “মোডী চৰকাৰে আমাৰ ৰাষ্ট্ৰীয় অধিৱেশনত ব্যাঘাত জন্মাব বিচাৰিছে। আমি শংকিত হোৱা নাই, দেশবাসীৰ বাবে যুঁজি যাম।” ইফালে পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইয়াৰ বিৰুদ্ধে বহু কংগ্ৰেছ নেতাই খোদ বিমানবন্দৰতে ধৰ্ণাত বহিছে। কংগ্ৰেছ নেতাসকলে কয় যে পৱন খেৰাকে ধৰি সকলো নেতাক বিমানযোগে ৰায়পুৰলৈ নিয়াৰ ব্যৱস্থা নকৰালৈকে তেওঁলোকে ধৰ্ণা অব্যাহত ৰাখিব।

Related News