চহিদ মুকুন্দ কাকতিক সুঁৱৰিবলৈ পাহৰিছে মুখ্য মন্ত্ৰীয়ে : ডাঃ কামেশ্বৰ লহকৰ

20-09-18 Gohpur- Martyrs Day Quit India Movement (4)

প্ৰতিনিধিত্বমূলক চিত্ৰ

‘অসমৰ মুখ্য মন্ত্ৰীয়ে প্ৰচাৰ মাধ্যমত অকল কনকলতা বৰুৱাৰক সোঁৱৰণ কৰিছে। তেওঁ পাহৰি গৈছে সোঁৱৰণ কৰিবলৈ চহিদ মুকুন্দ কাকতিক। এইগৰাকী চহিদক সোঁৱৰণ কৰিবলৈ পাহৰি যোৱাটো দুৰ্ভাগ্যজনক। এইদৰে বছৰ বছৰ ধৰি চৰকাৰী ভাৱে উপেক্ষিত হৈ আহিছে চহিদ মুকুন্দ কাকতি’। এই মন্তব্য ডাঃ কামেশ্বৰ লহকৰৰ।

বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰভাগত চহিদ মুকুন্দ কাকতিৰ স্মৃতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ডাঃ লহকৰে আদৰণি ভাষণৰ জৰিয়তে এইদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত মাতৃভূমিৰ হৈ প্ৰাণ আহুতি দিয়া নলবাৰী জিলাৰ বৰভাগৰ সোণকানি গাঁৱৰ সন্তান চহিদ মুকুন্দ কাকতি চহিদ ন্যাসৰ উদ্যোগত বৰভাগ মহাবিদ্যালয়ত কালি বিভিন্ন কাৰ্যসূচীৰে ৭৭ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়।

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে স্বাধীনতা আন্দোলনৰ বীৰ পুৰুষসকলৰ অদম্য সাহসৰ কথা সোঁৱৰে।

সভাত চহিদ গৰাকীৰ পৰিয়ালৰ সদস্য গৌৰীকান্ত কাকতিয়ে চহিদ গৰাকীৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে। সভাত ড০ বীৰেন্দ্ৰ কুমাৰ ডেকা, ফণীন্দ্ৰ চক্ৰৱৰ্তী, মাণিক চন্দ্ৰ তালুকদাৰ, ৰজত চন্দ্ৰ কলিতা, ফণীধৰ ডেকাৰ লগতে বহুতো গণ্য-মান্য লোক উপস্থিত থাকে।

ইফালে নৰ্থ-ইষ্ট কেঞ্চাৰ হস্পিতালৰ গণেশ তামুলীয়ে সভাক্ষেত্ৰ উদ্বোধন কৰি ভাষণ প্ৰসংগত কয় যে ভাৰত ত্যাগ, বিদেশী বহিষ্কাৰ আন্দোলনকে ধৰি পৰৱৰ্তী সময়ৰ বিভিন্ন আন্দোলনৰ চহিদ সকলৰ ত্যাগ সাৰ্থক নহ’ল।