নগদ ধনৰ অভাৱ হৈছে? মাত্ৰ ২ মিনিটতে ২লাখ টকা পৰ্যন্ত ঋণ দিব Paytmয়ে!

WhatsApp Image 2021-01-07 at 3.38.42 PM

কৰ’না পৰিস্থিতিৰ মাজত মানুহৰ আৰ্থিক সংকট বহুখিনি বৃদ্ধি পাইছে। মানুহৰ হাতত নগদ ধনৰ অভাৱ হৈছে। ফলত বিভিন্ন সংকটৰ সন্মুখীন হ’বলগা হৈছে। তাতেই ঋণ পাবলৈ সাধাৰণ লোকে হাবাথুৰি খাবলগীয়া হৈছে।

ইয়াৰ মাজতে এইবাৰ কেইটামান সাধাৰণ চৰ্ত পূৰণ কৰিয়েই মাত্ৰ ২-৩ মিনিটৰ ভিতৰত ২লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াইছে Paytmয়ে। দেশৰ শীৰ্ষ ডিজিটেল পেমেন্ট চাৰ্ভিছ প্লেটফৰ্ম Paytmয়ে এই জৰুৰীকালীন ঋণৰ পৰিসেৱা আৰম্ভ কৰিছে য’ত বৃহৎ সংখ্যক লোক উপকৃত হ’ব।

গোটেই বছৰটোতে প্ৰয়োজনত Paytmৰ পৰা ব্যক্তিগত এই ঋণ পোৱা যাব। জানিব পৰা মতে, চিভিল স্ক’ৰ বা ক্ৰেডিট স্ক’ৰ তথা শ্বপিং পেটাৰ্ণৰ ভিত্তিত Paytmৰ পৰা এই ঋণ পোৱা যাব।

সেই অনুসৰি, দৰমহাভোগী বা চাকৰিজীৱী, ক্ষুদ্ৰ ব্যৱসায়ী বা এনেধৰণৰ বিভিন্ন বৃত্তিৰ সৈতে জড়িত লোকে সহজতেই তেওঁৰ ক্ৰিডেট স্ক’ৰ তথা শ্বপিং পেটাৰ্ণৰ ভিত্তিত ব্যক্তিগত ঋণ লাভ কৰিব।

Paytm সূত্ৰৰ মতে জানিব পৰা গৈছে যে এই ব্যক্তিগত ঋণ ১৮ মাহৰ পৰা ৩৬মাহৰ সহজ কিস্তিত পৰিশোধ কৰিব পৰা যাব।

এই ঋণ আদায়ৰ বাবে Paytmয়ে নন-বেংকিং আৰ্থিক সংস্থাসমূহৰ সৈতে চুক্তি কৰিছে। Paytm এপৰ পৰা সহজতেই মাত্ৰ ২-৩ মিনিটত হ্ৰস্বম্যাদী ব্যক্তিগত ঋণ পোৱা যাব।

আশা কৰা হৈছে Paytmৰ এই পদক্ষেপৰ ফলত বৃহৎ সংখ্যক লোকৰ প্ৰয়োজন পূৰণ হ’ব।