NORTHEAST NOW (Assamese)

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

July 5, 2025 9:08 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ ফাৰ্মাচী শিক্ষা ব্যৱস্থাৰ ভিতৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই) আহমেদাবাদৰ ইণ্ডিয়ান ফাৰ্মাচী কাউন্সিলৰ অধ্যক্ষ মণ্টু পেটেলৰ জুণ্ডাল বাংলোত অভিযান চলায়।

এই উচ্চস্তৰীয় অভিযান মহাৰাষ্ট্ৰ আৰু অসমকে ধৰি উত্তৰ-পূব অঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি একাধিক ৰাজ্যৰ ফাৰ্মাচী মহাবিদ্যালয়সমূহৰ স্বীকৃতিক কেন্দ্ৰ কৰি সংঘটিত উৎকোচ আৰু অনিয়মৰ অভিযোগৰ ব্যাপক তদন্তৰ অংশ।

সূত্ৰসমূহে নিশ্চিত কৰিছে যে পেটেলৰ দিল্লীৰ কাৰ্যালয় আৰু বাসগৃহ দুয়োটাতে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত নিৰীক্ষণত আছে। পেটেলক এতিয়াও জিম্মাত লোৱা হোৱা নাই যদিও অভিযানৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ যথেষ্ট বুলি জানিব পৰা গৈছে।

সূত্ৰসমূহে অভিযোগ কৰে যে ৰাজ্যখনত “ব্যাপক কেলেংকাৰী” বুলি বিবেচিত হোৱা কামত লিপ্ত হৈ অসমৰ বিশ্ববিদ্যালয়সমূহৰ পৰা পেটেলে সক্ৰিয়ভাৱে ধন বিচাৰি আহিছে। তদুপৰি  ছাত্ৰ-ছাত্ৰীৰ আসন সংখ্যা বৃদ্ধিকে ধৰি বিভিন্ন অনুমোদনৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাচী মহাবিদ্যালয়সমূহক তেওঁ হাৰাশাস্তি কৰাৰ অভিযোগ আছে।

এক সূত্ৰই প্ৰকাশ কৰিছে যে “তেওঁ বিপুল পৰিমাণৰ ধন বিচাৰে আৰু ভাৰতীয় গড়তকৈ বহু পিছ পৰি থকা যিবোৰ যোগ্য নহয় উত্তৰ-পূবৰ তেনে প্ৰতিষ্ঠানসমূহকো অনুমতি দিয়ে।” আন এজনে আৰু স্পষ্ট কৰি কয়, “তেওঁ টকাৰ বিনিময়ত ‘স্বীকৃতি’ বিক্ৰী কৰিছিল।”

নাম প্ৰকাশ কৰিব নিবিচৰা চিবিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “পেটেলৰ কাৰ্যকালত ধনৰ বিনিময়ত কলেজৰ স্বীকৃতি (ৰিক্গনিশ্যন) বিক্ৰী কৰা হৈছিল বুলি বিশ্বাসযোগ্য প্ৰমাণ পোৱা গৈছে। ভুৱা এন্ট্ৰি, বেকডেটেড অনুমোদন, আৰু জিপিএছচিৰ জালিয়াতি এই সকলোবোৰেই এই ৰেকেটৰ অংশ যিটো আমি এতিয়া উন্মোচন কৰি আছো।”

ফাৰ্মাচী কলেজসমূহক অবৈধ অনুমোদন প্ৰদানৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগত কেইবামাহো ধৰি চলি থকা নিৰীক্ষণ আৰু অসংখ্য অভিযোগৰ পিছতে এই অভিযান চলোৱা হৈছে। এইদৰে ব্যক্তিগত লাভৰ বাবে শিক্ষাৰ মানদণ্ডৰ সৈতে আপোচ কৰা হৈছে।

তদন্তকাৰীয়ে গুজৰাট লোকসেৱা আয়োগৰ (জিপিএছচি) ব্যৱস্থাৰ ভিতৰত ভুৱা ইনৱাৰ্ড নম্বৰ, বেকডেটেড এণ্ট্ৰি, আৰু জালিয়াতিৰ ফাইলৰ সৈতে জড়িত এক পৰিকল্পিত নীতি উন্মোচন কৰিছে। এই জালিয়াতিৰ দ্বাৰা পেটেল আৰু তেওঁৰ সহযোগীসকলক পিচিআইৰ ভিতৰত উচ্চ পদবীলৈ উন্নীত কৰা হৈছিল বুলি কোৱা হৈছে, যিয়ে দুৰ্নীতিগ্ৰস্ত পন্থাক সুৰক্ষা প্ৰদানৰ বাবে এক শক্তিশালী আভ্যন্তৰীণ নেটৱৰ্ক স্থাপন কৰাত সহায় কৰিছিল বুলি বিষয়াসকলে ধাৰণা কৰে।

চিবিআইৰ তদন্তৰ পৰিসৰ গুজৰাটৰ বাহিৰেও আন ৰাজ্যলৈকে বিস্তৃত, বিশেষকৈ মহাৰাষ্ট্ৰ, য’ত যথেষ্ট সংখ্যক কলেজে প্ৰৱঞ্চনামূলক উপায়েৰে পিচিআইৰ স্বীকৃতি লাভ কৰা বুলি ধাৰণা কৰা হৈছে। চিবিআইৰ এজন বিষয়াই নিশ্চিত কৰে যে, ‘কলেজ স্বীকৃতিৰ সমগ্ৰ প্ৰক্ৰিয়া এতিয়া পৰ্যালোচনাধীন’।

Related News