• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া সাহিত্য জগতৰ মহীৰূহ ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যৰ বিভিন্নজনৰ শোক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 3:17 pm
Lakshinandan Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ত আক্ৰান্ত হৈ আজি পৰলোকপ্ৰাপ্তি ঘটা অসমীয়া সাহিত্য জগতৰ মহীৰূহ, অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বিজয়ী, পদ্মশ্ৰী ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন,ব্যক্তি তথা অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।‘’

আনহাতে, ড০ বৰাৰ বিয়োগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত সোণোৱালে কয়, ‘’বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ অনন্য সাহিত্যকৰ্মত সাৱলীলভাৱে প্ৰতিফলিত হৈছিল অসমৰ জনজীৱনৰ বিভিন্ন দিশ। তেখেতৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ লগতে সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি। বৰাদেৱৰ শোকস্তব্ধ পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।‘’

অন্য এক মহীৰূহৰ মহাপ্ৰয়াণ! বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘’অসমীয়া ভাষা-সাহিত্যক অনন্য সম্ভাৰেৰে সমৃদ্ধিশালী কৰি, মহাপুৰুষ গুৰুদুজনাৰ জীৱনী উপন্যাস ৰচনা কৰাৰ লগতে ‘কায়কল্প’ৰ দৰে বিজ্ঞানভিত্তিক উপন্যাসেৰে সৰস্বতী সন্মানৰ অধিকাৰী, ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন সভাপতি,’গৰীয়সী’ ৰ সম্পাদক লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগে আমাক শোকাহত কৰিছে। তেখেতৰ বিয়োগে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰালত এক শূণ্যতা সৃষ্টি কৰাৰ উপৰি অসমৰ জাতীয়তাবাদী চিন্তা-চৰ্চাৰ ক্ষেত্রতো এক বৃহৎ ক্ষতি সাধন কৰিলে। সদ্যবিদায়ী লক্ষ্মীনন্দন বৰাদেৱৰ বিদেহ আত্মাৰ বৈকুণ্ঠপ্ৰাপ্তি কামনা কৰাৰ লগতে শোকদগ্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।‘’

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ, অসমৰ সাহিত্য-সংস্কৃতিৰ জগতৰ এক ধ্ৰুৱতৰা সৰস্বতী ড০ লক্ষ্মীনন্দন বৰাৰ পৰলোক প্ৰাপ্তিত অসম সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে অসম সত্ৰ মহাসভাই এজন আজীৱন সদস্য তথা নিষ্ঠাবান সত্ৰপ্ৰেমিক হেৰুৱালে।

স্বনামধন্য ড০ বৰাদেৱৰ বিয়োগত অসমীয়া সমাজৰ বিস্তৰ ক্ষতি সাধন হ’ল বুলি উল্লেখ কৰাৰ লগতে অসম সত্ৰ মহাসভাই তেখেতৰ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড০ লক্ষীনন্দন বৰাৰ মৃত্যুত সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে। লক্ষীনন্দন বৰাৰ মৃত্যুত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি, সাহিত্যিক, বুৰঞ্জীবিদ প্ৰেম গগৈয়েও  শোক প্ৰকাশ কৰে।

ইতিমধ্যে ৰাজ্যখনৰ বৌদ্ধিক সমাজৰ লগতে বিভিন্ন শ্ৰেণীৰ ব্যক্তি, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে বিশিষ্ট সাহিত্যিক গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd