বিড়িৰ পেকেটত অসমীয়াৰ জাতীয় আৱেগ বিহুৰ ছবি দিয়াৰ সাহস পালে কেনেকৈ? ছচিয়েল মিডিয়াত ক্ষোভ

pradip biri

অসমীয়া জাতিৰ অতি আদৰৰ আৰু জাতীয় আৱেগৰ প্ৰাণস্বৰূপ বিহুক এটা বিড়িৰ পেকেটত আঁৰি জাতিটোক অপমান কৰাৰ  ধৃষ্টতা প্ৰদৰ্শন কৰিছে এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে।

বিষয়টোকলৈ ইতিমধ্যে ছচিয়েল মিডিয়াত সৰৱ চৰ্চা চলিছে।

বঙাইগাঁৱৰ জিলাৰ অভয়াপুৰীৰ প্ৰদীপ সাহা নামৰ এজন ব্যৱসায়ীয়ে তেওঁৰ ‘প্ৰদীপ বিড়ি’ নামৰ বিড়ি ফেক্টৰীটোৰ বিড়িৰ পেকেটত বিহু নৃত্যৰ ফটো ছপাই সেয়া বজাৰত উলিয়াই দিছে।

বজাৰত চলি থকা এই পেকেটসমূহৰ উক্ত ছবিখনকলৈয়েই এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ জোৱাৰ।

প্ৰদীপ বিড়িৰ পেকেটত বিহুৱতীৰ ফটো ছপোৱা অসমীয়াৰ বাবে এক চৰম অপমান বুলি ছচিয়েল মিডিয়াত বহুতেই অভিহিত কৰিছে।

আনহাতে, কোম্পানীটোক অচিৰেই বিড়িৰ পেকেটটোৰ পৰা বিহুৱতীৰ ফটো অঁতৰাই দিয়াৰ দাবী কৰাৰ লগতে অসম চৰকাৰক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বহুজনে আহ্বান জনাইছে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙাৰ প্ৰদীপ বিড়ি নামৰ কোম্পানীটোৱে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৬২৯২৬/২০০২ৰ বিড়ি পেকেটত বিহু নৃত্যৰ ফটো লগাই বিহুক অপমান কৰাৰ বাবে সাহস কৰাত কোম্পানীটোক সকলোৱে ধিক্কাৰ দিছে।

অসমৰ সংস্কৃতিক এনেদৰে অপমান কৰাৰ সাহস প্ৰদীপ সাহা নামৰ ব্যৱসায়ীজনে ক’ত পালে বুলিও বহুতে প্ৰশ্ন কৰিছে।

সেইদৰে, এইক্ষেত্ৰত জাতীয় সংগঠনসমূহ নিৰৱ হৈ থকাৰ বাবে ক্ষোভ প্ৰকাশ কৰি বহুতেই এই বহিৰাগত ব্যৱসায়ীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

জাতীয় সংগঠনসমূহক প্ৰশাসনৰ সহায় লৈ বিড়ি কোম্পানীটো বন্ধ কৰি দিবলৈকো আন বহুতেই আহ্বান জনাইছে।