১৫৫ সংখ্যক জন্ম জয়ন্তীত আজি ৰাজ্যজুৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ

Laxminath Bezbaruah

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে সোমবাৰে গুৱাহাটী ক্লাৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত অসমীয়া সাহিত্যৰ কাণ্ডাৰী গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমুৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে।

অনুষ্ঠানত হৃষীকেশ গোস্মামীৰ লগতে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তন্তু ভৰালী, কামৰূপ(মেট্ৰ’)জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰসৰাজক স্মৰণ কৰে।

উল্লেখযোগ্য যে, ১৮৬৪ চনৰ ১৪ অক্টোবৰত জন্ম গ্ৰহণ কৰা লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাত প্ৰধান ভুমিকা আগবঢ়াইছিল।

অসমীয়া গল্প, কবিতা, নাটক, উপন্যাস, ৰসৰচনা, সমালোচনা সাহিত্য, শিশুসাহিত্যকে ধৰি অসমীয়া সাহিত্যৰ সকলো দিশলৈ লক্ষ্মীনাথ বেজবৰুৱাই আগবঢ়াই থৈ যোৱা বৰঙণি আজিও প্ৰতিজন অসমীয়াই একেমুখে স্বীকাৰ কৰে।

গুৱাহাটী ক্লাৱৰ লগতে সোমবাৰে ১৫৫ সংখ্যক জন্ম জয়ন্তীত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল, সংগঠনৰ লগতে জিলা সাহিত্য সভা, শাখা সাহিত্য সভা সমূহে অমসীয়া ভাষা-সাহিত্যৰ জনক গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে।