অসম চুক্তিক নসাৎ কৰা নাগৰিকত্ব বিধেয়ক মানি নলয় অসমবাসীয়ে : যুটীয়া সংসদীয় সমিতিক জনালে অগপই

c70cda93-d8c4-446a-8e46-db0705335240

অগপৰ প্ৰতিনিধি দলে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক স্মাৰকপত্ৰ প্ৰদান কৰাৰ মূহুৰ্তত

অসম চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ চমুকৈ অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তথা অসমৰ জনমতক গুৰুত্ব দি বিধেয়কখন বাতিল কৰাৰ দাবীত আজি দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাক সাক্ষাৎ কৰে।

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাৰ উত্তৰ প্ৰদেশৰ মিৰাটৰ শাস্ত্ৰি নগৰত থকা বাসগৃহত সাক্ষাৎ কৰি অগপৰ সভাপতি অতুল বৰাই বিধেয়কখনৰ বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সভাপতি বৰাই সমিতিৰ অধ্যক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ, অসমৰ ভাষা-সংস্কৃতিক বিপদাপন্ন কৰিব বিচৰা তথা ঐতিহাসিক অসম চুক্তিক নসাৎ কৰিব বিচৰা এই হঠকাৰী বিধেয়কখন কোনো পধ্যেই মানি নলয় আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজৰ পক্ষত থাকিহে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই বিধেয়কখনে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি চৰম কুঠাৰাঘাত কৰাৰ লগতে সুদীৰ্ঘ ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫গৰাকী চহিদৰ আত্মবলিদানৰ কথা সোঁৱৰাই দি অবৈধ বিদেশীৰ নামত এনেদৰে ধৰ্মৰ বিভাজন নকৰিবলৈও সমিতিৰ অধ্যক্ষগৰাকীক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰে অগপ দলে।

ইয়াৰ উপৰি অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাই অসমৰ জনসাধাৰণক অন্ধকাৰত ৰাখি অথবা সকলো স্তৰৰে ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ যাতে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয় তাৰ প্ৰতিও আহ্বান জনায় অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাক।

অসমৰ উজনি-নামনি-উত্তৰ অসম সকলোলৈ আহি জনসাধাৰণ তথা দল-সংগঠনৰ মতামত গ্ৰহণ কৰিহে প্ৰতিবেদন প্ৰস্তুত কৰি পৰামৰ্শৱলীত বিধেয়কখন প্ৰত্যাহাৰৰ বাবে মতপোষণ কৰিবলৈ আহ্বান জনায়।

ইফালে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাই অগপৰ প্ৰতিনিধি দলটোৰ সকলো ওজৰ-আপত্তি অতি মনোযোগেৰে শুনাৰ লগতে এক দীঘলীয়া আলোচনাতো মিলিত হয় আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজক বিশ্বাসত লৈহে পৰামৰ্শৱলী দিয়া হ’ব বুলি প্ৰতিনিধি দলটোৰ আগত জানিবলৈ দিয়ে।

অগপৰ প্ৰতিনিধি দলটোৰ লগত সভাপতি অতুল বৰাৰ উপৰি কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু উৎপল দত্ত উপস্থিত আছিল।