কৃষ্ণাইত ঈদৰ দিনা হিন্দু মুছলমানৰ সম্প্ৰীতি

আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ ৷ ধুমধামেৰে পালন কৰিছে সকলোৱে৷ গোৱালপাৰাৰ কৃষ্ণাইতো ইয়াৰ ব্যতিক্ৰম নহয়।
আজি ঈদ বুলি অঞ্চলটোৰ ঈদগাহ সমূহ উদুলিমুদুলি ৷ সমগ্ৰ অঞ্চলতেে উৎসৱ মুখৰ পৰিবেশ। ইয়াৰ মাজতো কৃ্ষ্ণাইৰ প্ৰায়বোৰ ঈদগাহ  সমূহত বিগত দিনৰ দৰে দেখা গৈছে কিছু ব্যতিক্ৰমী দৃশ্য৷ ইছলাম ধৰ্মাৱলম্বী লোকে ঈদত সকলোৱে পৰিয়াল পৰিজনক লৈয়ে ব্যস্ত, সেয়ে ঈদগাহ ময়দানত হিন্দু ব্যৱসায়ীসকলে পাতিছে  খাদ্য মেলা জেলেপী কে ধৰিধৰি বিভিন্ন মিঠাৰ দোকান ৷
এক সুন্দৰ পৰিবেশ নামাজ আদায় কৰি মুছলমান ভাই সকলে হিন্দু লোকে দিয়া দোকানৰ পৰা মিঠাই নি ঈদৰ আলহীক আপ্যায়ন কৰিছে ৷ এই প্ৰথা বহুদিনীয়া ৷
অঞ্চলটোৰ প্ৰত্যেকটো ঈদ গাহত এনেদৰে মিঠাৰ দোকান দিছো হিন্দু সকলে ৷ কোনোধৰণৰ অসুবিধা নাই৷  নাই কাৰো খেদ ভাব৷ সচাকৈ পৰিবেশটো দেখিলে সকলো লোকৰ মনলৈ আহিব ” হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান মোৰ মনত একেটি ভাৱ……”
আজিৰ পৰিস্থিতিত কৃষ্ণাই এই ঘটনাই হিন্দু-মুছলমানৰ সম্প্ৰীতি এক নিৰ্দশন ৷