• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’ণাৰ ত্ৰাস : লকডাউনৰ তৃতীয় দিনা মহানগৰীৰ বজাৰত অজস্ৰ লোকৰ ভিৰ

শাক-পাচলিৰ সকলো দোকান বজাৰ বন্ধ কৰাৰ নিৰ্দেশ কামৰূপ(মেট্ৰ’) জিলা প্ৰশাসনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 27, 2020 1:17 pm
Lockdown: All markets except grocery shops, pharmacies to remain closed in Assam

মহানগৰীত পাচলি কিনিবলৈ ৰাইজৰ ভিৰ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ প্ৰায় ২০০ খন দেশত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অসমতো ইয়াৰ আতংকই বিৰাজ কৰিছে।

যোৱা ২৪ এপ্ৰিলৰ নিশা ১২ বজাৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ আজি তৃতীয়টো দিন। এই তৃতীয় দিনা মহানগৰীৰ ৰাজপথ তথা বজাৰত যেন দেখিবলৈ পোৱা গ’ল এখন ওলোটা ছবি। মহানগৰবাসীৰ বাবে যেন ফুটুকাৰ ফেনত পৰিণত হ’ল লকডাউন।

চৰকাৰে নিৰ্দিষ্ট সময়লৈকে গেলামালৰ দোকান খোলা ৰখাৰ নিৰ্দেশনা দিয়াৰ লগতে শাক-পাচলি বিক্ৰী কৰা দোকান নিৰ্দিষ্ট সময়লৈকে খোলা ৰাখিবলৈ নিৰ্দেশ দিছিল।

তাৰ পাছতে মহানগৰীৰ প্ৰায় সংখ্যক অসচেতন লোক হাতত মোনা লৈ ঘৰৰ পৰা ওলাই বাহিৰলৈ আহি শাক-পাচলিৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হ’ল।

মহানগৰীৰ গণেশগুৰি, ফাঁচীবজাৰ, পল্টনবজাৰ, শিলপুখুৰী, হাতীগাওঁ, বেলতলা ইত্যাদি অঞ্চলত বজাৰত ভিৰ কৰেহি অজস্ৰ গ্ৰাহকে।

ৰাজ্য চৰকাৰে বাৰম্বাৰ সামাজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ জনসাধাৰণক আহ্বান জনাই অহাৰ পাছতো যেন তাৰ প্ৰতি কোনো কাণসাৰ নাই জনসাধাৰণৰ।

আনকি গেলামালৰ দোকানৰ স্বত্তাধিকাৰীৰো কোনোধৰণৰ সচেতনতা দেখিবলৈ পোৱা নাই। তেওঁলোকে গ্ৰাহকসকলক দূৰত্ব বজাই থিয় হ’বলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰশাসনেও এইবোৰ দেখিও যেন নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে।

অৱশ্যে এই অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে শাক-পাচলিৰ সকলো দোকান-বজাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷

53755f67-947b-4667-b368-70c6cbe42995
লকডাউনৰ মাজতে শুকুৰবাৰে মহনগৰীত বজাৰলৈ এইদৰে ওলাই আহে ৰাইজ। ফটো: নৰ্থইষ্ট নাও

 

ইপিনে, মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য বজাৰ সমূহতো জনতাৰ জনসমাগম দেখি চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিজৰ ফেইচবুক পেইজৰ জৰিয়তে সকলো জনসাধাৰণকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

তেওঁ এইদৰে লিখি কয়, ‘শ্ৰদ্ধাৰ জনসাধাৰণলৈ আমাৰ কাতৰ অনুৰোধ — অনুগ্ৰহ কৰি ঘৰৰ বাহিৰলৈ নাযাব ৷ আমি এক জটিল পৰিস্থিতি অতিবাহিত কৰিব লগা হৈছে ৷ এই পৰিস্থিতি মোকাবিলা কৰিবলৈ হ’লে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান তথা পৰামৰ্শাৱলী হাতে-কামে মানি চলিব লাগিব ৷ অনুগ্ৰহ কৰি ঘৰতেই থাকক, সুৰক্ষিত হৈ থাকক ৷’

অৱশ্য, ৰাজ্য চৰকাৰৰ যোগান বিভাগে ভিন্ন স্থানত শাক-পাচলিৰ যি খুচুৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে সেয়া জনসাধাৰণৰ ঘৰে ঘৰে গৈ শাক-পাচলিৰ বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে মত পোষণ কৰিছে। তেতিয়া এনেধৰণৰ জনসমাগম বা ভিৰৰ পৰা ৰক্ষা পৰিব বুলি একাংশই মত পোষণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd