বানৰ পিছত ব্যাপক গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে চামগুৰিৰ লাওঁখোৱাত

ঘৰ-ভেঁটি ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে

VideoCapture_20200705-110305

ফটো: নৰ্থইষ্ট নাও

ৰাজ্যত কাল ক’ৰনাৰ ব্যাপক সংক্ৰমণৰ ভয়াবহতাৰ সময়তে ভূমি সংকোচনেহে বিপদ মাতিছে চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাবাসীৰ বাবে।

বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱ কিছু পৰিমাণে শাম কাটিছে যদিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে লাওঁখোৱাৰ ১নং ভূৰবন্ধাৰ পৰা ৪নং ভূৰবন্ধা পৰ্য্যন্ত বৃহত্তৰ অঞ্চলত।

বিগত তিনি দিন ধৰি ১নং ভূৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে বহু কেইটা পৰিয়ালৰ পকী বাসগৃহ।

ব্যাপক গৰাখহনীয়াই সৰ্ৱস্বান্ত কৰা ভুক্তভোগী প্ৰায় শতাধিক পৰিয়ালে এতিয়া ভেঁটি-মাটি এৰি সকলো সা-সমগ্ৰীলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগী একাংশ লোকে।

উল্লেখযোগ্য যে, ১নং ভূৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াই এতিয়া শিলঘাট-ধিং সংযোগী মূল মথাউৰিটোলৈয়ো ভাবুকি মাতি আনিছে।

কিয়নো ভয়ংকৰ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আক্ৰান্ত ঠাইৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগতে আছে অতিশয় গুৰুত্বপূৰ্ণ মথাউৰিটো।

স্থানীয় নৈপৰীয়া ৰাইজৰ আশংকা এইয়ে যে ১নং ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া বৰ্তমানৰ দৰেই অব্যাহত থাকিলে নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলক সুৰক্ষিত কৰি অহা বিশেষ মথাউৰিটোলৈ চৰম ভাবুকি আহি পৰিব।

লক্ষণীয়ভাবে বিগত বহু বছৰ ধৰি ভূৰৱন্ধাবাসীয়ে ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ বাবে ভোগ কৰি অহা যাতনাক কাষৰীয়া কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই চৰম অৱহেলা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী নৈপৰীয়া ৰাইজে।

শীঘ্ৰে ১নং ভূৰবন্ধাত এটা বা দুটা গাইড বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰি বাকী থাকি যোৱা ঠাইখনৰ লগতে মূল মথাউৰিটো সুৰক্ষিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে শাসনাধীষ্ঠ চৰকাৰখনক ৰাইজে আহ্বান জনাইছে।