ডাইনিং টেবুলত পাৰিলে জাতীয় পতাকা, বঙাইগাঁৱত মহিলাসহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ

teng

জাতীয় পতাকাক চূড়ান্ত অপমান কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল মহিলাসহ পাঁচ গৰাকীকৈ ব্যক্তি। ঘটনাটো বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টেংনামাৰী অঞ্চলৰ।

টেংনামাৰী নিবাসী ৰেজিয়া পাৰবিন চুলতানা নামৰ মহিলাগৰাকীয়ে তেওঁৰ ডাইনিং টেবুলত ভাৰতৰ জাতীয় পতাকা খনকে টেবুল ক্লথ হিচাবে ব্যৱহাৰ কৰিছিল।

কালি মহিলগৰাকীয়ে জাতীয় পতাকাৰ প্ৰতি প্ৰদৰ্শন কৰা এনে অপমানসূচক ঘটনাৰ বিষয়ে বঙাইগাঁও আৰক্ষী অৱগত হোৱাৰ পিছতে মহিলাগৰাকীৰ লগতে  আন পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহিছে।

বঙাইগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোক কেইগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাটো এক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হয়।

Prevention of Insults to National Honour Act, 1971 অনুসৰি ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰা ব্যক্তিৰ কমেও তিনি বছৰৰ কাৰাদণ্ড আৰু জৰিমনা হ’ব পাৰে।

ইয়াৰ উপৰি Flag Code of India, 2002 ৰ অধীনতো এগৰাকী ব্যক্তিক অভিযুক্ত কৰিব পাৰি।