• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আবেদন! শীঘ্ৰে শুনানিৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

by
April 7, 2025 3:59 pm
ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আবেদন! শীঘ্ৰে শুনানিৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বিৰুদ্ধে গোচৰৰ শুনানি ক্ষিপ্ৰতাৰে হ’ব লাগেনে নালাগে বিবেচনা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়। সংসদে বিধেয়কখন গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি সাপেক্ষে আইনত পৰিণত হয়।

কিন্তু বিগত কিছুদিনত সেই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে আৱেদনসমূহ শীঘ্ৰে শুনানি লোৱাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰে এজন বিবাদী জমিয়ত উলেমা-ই-হিন্দৰ হৈ অধিবক্তা কপিল ছিবালে এই গোচৰটো যুঁজি আছে। সোমবাৰে তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰ বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ আদালতত কয় যে ৱাকফ সম্পৰ্কীয় কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু সেইবোৰৰ শুনানি ক্ষিপ্ৰতাৰে কৰা প্ৰয়োজন। ছিবালৰ উপৰিও আন দুজন অধিবক্তা অভিষেক মনু সিংহৱী আৰু নিজাম পাছাইও মুখ্য ন্যায়াধীশৰ আদালতত ক্ষিপ্ৰ শুনানিৰ বাবে আবেদন জনাইছিল।

প্ৰকাশিত তথ্য অনুসৰি ন্যায়াধীশ খান্নাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত ক্ষিপ্ৰ শুনানিৰ বাবে মৌখিক আবেদনৰ প্ৰথা বিলুপ্ত কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্নাই এই সন্দৰ্ভত উপযুক্ত চিঠি বা ইমেইল প্ৰেৰণ কৰি অধিবক্তাসকলক ক্ষিপ্ৰ শুনানিৰ বাবে আবেদন কৰিবলৈ কয় আহ্বান জনাইছে। উত্তৰত অধিবক্তা ছিবালে কয় যে ইতিমধ্যে দ্ৰুত শুনানিৰ বাবে আবেদন কৰিছে। মুখ্য ন্যায়াধীশে আবেদন পৰীক্ষা কৰাৰ পাছত  সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

উল্লেখ্য যে বিভিন্ন সংগঠন আৰু ৰাজনৈতিক নেতাই ৱাকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে। হায়দৰাবাদৰ সাংসদ তথা সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এম আই এম)ৰ মুৰব্বী আছাদুদ্দিন ৱেইছিৰ হৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ যুঁজি আছে পাছাই। ইয়াৰো পৰি কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদ, আম আদমি পাৰ্টিৰ সাংসদ অমানতুল্লাহ খানে এই আইনৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd