NORTHEAST NOW (Assamese)

ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আবেদন! শীঘ্ৰে শুনানিৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

April 7, 2025 3:59 pm ·

ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বিৰুদ্ধে গোচৰৰ শুনানি ক্ষিপ্ৰতাৰে হ’ব লাগেনে নালাগে বিবেচনা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়। সংসদে বিধেয়কখন গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি সাপেক্ষে আইনত পৰিণত হয়।

কিন্তু বিগত কিছুদিনত সেই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে আৱেদনসমূহ শীঘ্ৰে শুনানি লোৱাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰে এজন বিবাদী জমিয়ত উলেমা-ই-হিন্দৰ হৈ অধিবক্তা কপিল ছিবালে এই গোচৰটো যুঁজি আছে। সোমবাৰে তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰ বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ আদালতত কয় যে ৱাকফ সম্পৰ্কীয় কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু সেইবোৰৰ শুনানি ক্ষিপ্ৰতাৰে কৰা প্ৰয়োজন। ছিবালৰ উপৰিও আন দুজন অধিবক্তা অভিষেক মনু সিংহৱী আৰু নিজাম পাছাইও মুখ্য ন্যায়াধীশৰ আদালতত ক্ষিপ্ৰ শুনানিৰ বাবে আবেদন জনাইছিল।

প্ৰকাশিত তথ্য অনুসৰি ন্যায়াধীশ খান্নাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত ক্ষিপ্ৰ শুনানিৰ বাবে মৌখিক আবেদনৰ প্ৰথা বিলুপ্ত কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্নাই এই সন্দৰ্ভত উপযুক্ত চিঠি বা ইমেইল প্ৰেৰণ কৰি অধিবক্তাসকলক ক্ষিপ্ৰ শুনানিৰ বাবে আবেদন কৰিবলৈ কয় আহ্বান জনাইছে। উত্তৰত অধিবক্তা ছিবালে কয় যে ইতিমধ্যে দ্ৰুত শুনানিৰ বাবে আবেদন কৰিছে। মুখ্য ন্যায়াধীশে আবেদন পৰীক্ষা কৰাৰ পাছত  সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

উল্লেখ্য যে বিভিন্ন সংগঠন আৰু ৰাজনৈতিক নেতাই ৱাকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে। হায়দৰাবাদৰ সাংসদ তথা সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এম আই এম)ৰ মুৰব্বী আছাদুদ্দিন ৱেইছিৰ হৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ যুঁজি আছে পাছাই। ইয়াৰো পৰি কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদ, আম আদমি পাৰ্টিৰ সাংসদ অমানতুল্লাহ খানে এই আইনৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

Related News