বিজেপি নেতা বহিষ্কৃত হোৱাৰ পিছত পেট্ৰ’ল-ডিজেলৰ চিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব ডিগবৈ আৰক্ষীয়ে

তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত থকা একাংশ ধাবাত বহু বছৰৰ পৰা পেট্ৰল-ডিজেলৰ চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰাপ্ত তথ্য মতে, ডিগবৈস্থিত ভাৰতীয় তেল নিগমৰ অসম সংমণ্ডলৰ টাৰ্মিনেলৰ পৰা জাগুন অৰুণাচল অভিমুখি তেল টেংকাৰৰ পৰা নিয়মিত প্ৰায় দুশৰ পৰা তিনিশ লিটাৰ পৰ্যন্ত তেল এই ধাবাসমূহৰ পাছফালে থকা গুদামত কাটিং কৰি জমা কৰা হয়৷

পাছত এই তেল ১০/১৫ টকা কমকৈ ট্ৰাক আৰু একাংশ অটো ড্ৰাইভাৰৰ ওচৰত বিক্ৰী কৰা হয়৷

এই তেল চুৰি কাৰ্যত একাংশ অইলৰ সংশ্লিষ্ট বিভাগৰ বিষয়া জড়িত থকাৰ অভিযোগ উঠিছে৷ যিহেতুকে বিভাগীয় ব্যক্তিৰ সহযোগিতাৰ অবিহনে এই চুৰি কাৰ্য সম্ভৱ নহয় বুলি জনা গৈছে৷

এনে অসাধু ব্যৱসায়ীৰ সৈতে থকা গোপন বুজাবুজিৰ সূত্ৰে অইলৰ বিষয়াই  তেল টেংকাৰত দুশ-তিনিশ লিটাৰ অত্যধিক বোজাই সৰবৰাহ কৰি এই ধাবাসমূহত কাটিং কৰি বিক্ৰী কৰোৱাই বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে জনোৱা মতে সংগঠনটোৱে ভাৰতীয় তেল নিগমৰ তিনিচুকীয়াৰ পৰা ডিগবৈলৈ টাৰ্মিনেলটো স্থানান্তৰ কৰাৰ পৰাই ডিগবৈৰ গোলাই আৰু পাৱৈ অঞ্চলত থকা একাংশ ধাবাত এটা তেল চোৰ চক্ৰই টেংকাৰ চালকৰ সৈতে বুজাবুজি কৰি তেল কাটিং কৰি অবৈধ বেহা চলাই অহা বুলি অভিযোগ কৰি  ৩১ মে তাৰিখত মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷

উক্ত স্মাৰকত তেল চুৰি চক্ৰৰ সৈতে ভাৰতীয় তেল নিগম আৰু আৰক্ষী প্ৰশাসনৰ একাংশ বিষয়া জড়িত আছে বুলিও উল্লেখ কৰিছিল৷

কিন্তু ইয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা নল’লে বুলি উল্লেখ কৰি সংগঠনটোৱে আজি প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে এই সম্পৰ্কত ব্যৱস্থা লবলৈ প্ৰশাসনক সংগঠনটোৱে দাবী জনায়।

উল্লেখযোগ্য যে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাটোতে তেল চোৰ চক্ৰৰ লগতে তেল ভেজালীকৰণ চক্ৰ সক্ৰিয় হৈ আছে৷

অসমৰ তুলনাত কৰ ৰেহাই থকা অৰুণাচললৈ যোৱা তেল  মহকুমাটোৰ কেইবাটাও তেল ডিপোলৈ যোৱাৰ লগতে একাংশ ডিপোত ভেজালীকৰণৰ দৰে অসৎ কামো বহু বছৰৰ পৰা চলি আহিছে।

একাংশ আৰক্ষীৰ বিষয়া, একাংশ জাতীয় সংগঠনৰ নেতা তথা একাংশ সাংবাদিকক মেনেজ কৰিয়ে মহকুমাটোত এই চুৰি তেলৰ বৃহৎ ব্যৱসায় চলাই থকা হৈছে বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ।

উল্লেখযোগ্য যে পাৱৈৰ ভগৱান ধাবাত অবৈধ তেল চোৰ কৰা চক্ৰৰ পৰা ধন দাবী কৰাৰ অভিযোগত কালি মাৰ্ঘেৰিটা বিজেপি যুৱ মৰ্চাৰ তিনিজনকৈ নেতাক দলীয় বিষয়বাবৰ পৰা বহিস্কৃত কৰা হৈছিল।

উক্ত ঘটনাই আজিও মাৰ্ঘেৰিটাত প্ৰতিক্ৰিয়া অব্যহাত ৰাখিছে৷

বিজেপিৰ সদৰ মণ্ডলৰ দলীয় কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মণ্ডল বিজেপিৰ সভাপতি ভাদেশ্বৰ মৰাণে চোৰাং তেলৰ ব্যৱসায় কৰা ধাবাসমূহৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

সেয়ে সচেতন ৰাইজে এইক্ষেত্ৰত জিলা আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা হাতত লবলৈ আহ্বান জনাইছে৷ এক সূত্ৰই কয় যে ভগৱান ধাবাত আৰক্ষীয়ে অভিযান চলালে বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভৱনা আছে৷