বাংগালুৰুত গ্ৰেপ্তাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ অসম শাখাৰ পলাতক নেতা

PFI

দেশত পাঁচ বছৰলৈ নিষিদ্ধ ঘোষিত হোৱা ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ছাত্ৰ সংগঠন কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া অসম শাখাৰ এগৰাকী পলাতক নেতাক বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

অসম আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে নিশা অসম আৰক্ষীৰ এটা দলে বাংগালুৰুৰ বেলুণ্ডুৰ অঞ্চলৰ পৰা কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (চিএফআই) নেতা আমিৰ হামজাক গ্ৰেপ্তাৰ কৰে। ধৃত হামজাই ত্ৰিপুৰাৰ কিছু পৰিয়ালৰ সৈতে বেলুণ্ডুৰত আত্মগোপন কৰি আছিল।

হামজাক বাংগালুৰুৰ অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশে তিনি দিনৰ ট্ৰেঞ্জিট ৰিমাণ্ড প্ৰদান কৰাৰ পিছত গুৱাহাটীলৈ লৈ অনা হৈছে বুলি অসম আৰক্ষীয়ে বিবৃতিটোত উল্লেখ কৰিছে।

সোমবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত ধৃত আমিৰ হামজাক হাজিৰ কৰোৱা হ’ব বুলি বিবৃতিত লগতে কোৱা হৈছে। উল্লেখ্য যে বাক্সা জিলাৰ বাসিন্দা হামজা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে পলাতক অৱস্থাত আছিল।

দেশজুৰি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱাৰ পিছৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈকে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ প্ৰায় ৪০ গৰাকী কৰ্মীক আটক কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ইছলামিক সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত অসম আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ হাতীগাওঁ অঞ্চলত থকা সংগঠনটোৰ অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে কৰিমগঞ্জ আৰু বাক্সাস্থিত স্থানীয় কাৰ্যালয়সমূহ ছীল কৰিছে।

উল্লেখ্য যে যোৱা ২৮ ছেপ্টেম্বৰত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত তাৎক্ষণিক ভাৱে বেআইনী ঘোষণা কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া (চিমি), জামাত-উল-মুজাহিদীন বাংলাদেশ আৰু ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া (আইছিছ)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি দাবী কৰা হৈছিল।

লগতে দেশত সংঘটিত কেইবাটাও অপৰাধমূলক আৰু সন্ত্ৰাসবাদী গোচৰত সংগঠনটো জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলি দাবী কৰা হৈছিল বিবৃতিটোত।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লগতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহে বেআইনী কাৰ্যকলাপত লিপ্ত হৈ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ উপৰিও শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছিল।

সংগঠনটোৱে সমাজৰ এটা নিৰ্দিষ্ট অংশক মৌলবাদী হিচাপে গঢ়ি তোলাৰ বাবে এক গোপন কাৰ্যসূচী পৰিচালনা কৰি আহিছে আৰু দেশৰ সাংবিধানিক কৰ্তৃত্বৰ প্ৰতি সংগঠনটোৱে সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰে বুলিও বিবৃতিটোত দাবী কৰিছিল।