শিৱসাগৰত ফাগুন মহোৎসৱ উদযাপন; উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

sibsagar final

ফটো: নৰ্থইষ্ট নাও।

আজি কলিযুগৰ অৱতাৰ শ্ৰী শ্যামপ্ৰভূৰ পুণ্য তিথি। শ্ৰী শ্যামপ্ৰভূৰ পুণ্য তিথিৰ লগত সংগতি ৰাখি শিৱসাগৰত উদযাপন কৰা হয় ফাগুন মহোৎসৱ ।

ফাগুন মহোৎসৱ উপলক্ষে শিৱসাগৰৰ মাৰোৱাৰী সমাজে আজি শিৱসাগৰ চহৰত শ্ৰী শ্যামপ্ৰভূৰ এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।

সমগ্ৰ শিৱসাগৰ চহৰ পৰিভ্ৰমণ কৰা শোভাযাত্ৰাৰ অন্তত এ টি ৰ’ডস্থিত শ্ৰী শ্যামপ্ৰভূৰ মন্দিৰত অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় অনুষ্ঠান।

শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা এই ফাগুন মহোৎসৱৰ নিশা ১২ বজাত সম্পন্ন হোৱা আৰতিৰ অন্তত সামৰণি পৰে ।

উল্লেখ্য যে, ফাগুন মহোৎসৱ উপলক্ষে প্ৰতি বছৰে শ্যাম মন্দিৰত অনুষ্ঠিত হয় শ্যামপ্ৰভূৰ গুণানুকীৰ্তন কৰা ভজন কীৰ্তনৰ অনুষ্ঠান।

এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনা হয় ৰাজ্যৰ বাহিৰৰ নামী-দামী শিল্পীক।