মৃত চিকিৎসক দেৱেন দত্তৰ পৰিয়ালে তেওঁৰ হত্যাৰ বিচাৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিয়াৰ দৰে ফাষ্ট ট্ৰেক আদালতত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে।
দত্তৰ পৰিবাৰ আৰু জীয়ৰীয়ে জনোৱামতে, মুখ্য মন্ত্ৰী সোণোৱালে নিজেই তেওঁলোকক ফ’নত সান্ত্বনা দিয়াৰ লগতে ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ আশ্বাস দিছিল।
কিন্তু শনিবাৰে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দত্ত হত্যাত অভিযুক্তসকলক হাজিৰ কৰোৱাৰ পিছত পৰিয়ালে বিচাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অৱগত হয়।
জানিব পৰামতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতখনক সুকীয়া ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনৰ নিৰ্দেশ দিয়া নাই। তাৰোপৰি, গোচৰটোত বিশেষ চৰকাৰী অধিবক্তাকো জৰিত কৰোৱা হোৱা নাই।
ফলত এতিয়া ইন্দিয়ান মেদিকেল এছ’চিয়েচন আৰু দত্তৰ পৰিয়ালে যোৰহাটৰ অধিবক্তা ৰিন্তু গোস্বামীক গোচৰটোত জৰিত কৰাৰ বাবে আদালতত আবেদন কৰিছে।
লগতে পঢ়ক– ডাঃ দেৱেন দত্ত হত্যা বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ
জানিব পৰামতে, অধিবক্তা গোস্বামীক জৰিত কৰিব পৰা-নোৱাৰা সন্দৰ্ভত আদালতখনে ২৩ অক্তোবৰত নিৰ্দেশ দিব।
বিষয়টোক লৈ ইন্দিয়ান মেদিকেল এছ’চিয়েচনৰ বিষয়ববীয়ায়ো ইতিমধ্যে সংবাদ মাধ্যমত অসন্তুষ্টি প্ৰকাশ কৰিছে।
মুখ্য মন্ত্ৰীৰ আশ্বাস আৰু তদন্তৰ নিৰ্দেশৰ পিছতে চিকিৎসক দত্ত হত্যাৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদ সমাপ্ত হৈছিল।
যোৱা ৩১ আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত শ্ৰমিকৰ দলবদ্ধ আক্ৰমণত চিকিৎসকজন নিহত হোৱাৰ ঘটনাৰ বিৰুদ্ধে অসমৰ লগতে সমগ্ৰ দেশজুৰি চিকিৎসকসকলে প্ৰতিবাদ কৰিছিল।
ঘটনাটোৰ পিছতে অসমৰ বহুকেইখন চাহ বাগিচাৰ পৰা বিভাগীয় কেইবাজনো চিকিৎসকে পদত্যাগ কৰিছিল।
ঘটনাৰ এসপ্তাহৰ ভিতৰত আৰক্ষীয়ে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল।
হত্যাৰ ঘটনাটোত আৰক্ষীয়ে মুঠ ৩২ জন লোকৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।