দিল্লীত নিৰ্মাণ কৰা হৈছে পিংক পাৰ্ক  : পিছে প্ৰৱেশৰ অনুমতি নাই পুৰুষৰ, কিন্তু কিয়?

দেশৰ ৰাজধানী নতুন দিল্লীৰ মাজমজিয়াত ‘পিংক পাৰ্ক’ নামেৰে ২৫০ খন নতুন উদ্যান নিৰ্মাণ কৰিব দিল্লী চৰকাৰে। কিন্তু উদ্যান সমূহত প্ৰৱেশ কৰিব নোৱাৰিব পুৰুষে।

উদ্যানসমূহত ১০ বছৰৰ তলৰ শিশু আৰু মহিলাসকলকহে প্ৰৱেশ কৰিব পাৰিব। মহিলাৰ সুৰক্ষাৰ কথা মনত ৰাখি দিল্লী পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰাজধানীৰ বিভিন্ন প্ৰান্তত উদ্যান নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে কেইবাখনো উদ্যান সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

উল্লেখ্য যে দিল্লী পৌৰসভাত ৱাৰ্ডৰ সংখ্যা ২৫০টা। প্ৰতিটো ৱাৰ্ডত এখনকৈ উদ্যান থাকিব। উদ্যানসমূহত ব্যায়ামৰ সঁজুলি, শৌচাগাৰ, চিচিটিভিকে ধৰি একাধিক সুবিধা থাকিব।

গোটেই বোৰৰ বেৰবোৰ গোলাপী ৰঙৰ হ’ব। গুলপীয়া ৰঙেৰে দেৱালত ৰং কৰা হ’ব। মহিলাসকলে যাতে এই উদ্যানখন নিৰাপদে ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে।

দিল্লীত উদ্যানৰ সংখ্যা কম নহয়। কিন্তু সেইবোৰ কেৱল মহিলাৰ বাবে নহয়। তাত বিভিন্ন সা-সুবিধা থকাৰ পাছতো মহিলা সকল সেই সমূহ উদ্যানত নিৰাপদ নহয়। গতিকে মহিলাসকলৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই ধৰণৰ উদ্যানৰ পৰিকল্পনা কৰা হৈছে।